বৈদ্যুতিক বাহনৰ বেটাৰী নিৰ্মাণৰ বাবে ব্যৱহৃত জটিল কেঁচামাল লিথিয়ামৰ যোগান নিশ্চিত কৰাৰ উপায় অন্বেষণ কৰি ফেব্ৰুৱাৰী মাহত জম্মু-কাশ্মীৰত প্ৰথম লিথিয়াম ভাণ্ডাৰৰ সন্ধান লাভ কৰিছিল । ইয়াৰ আনুমানিক পৰিমাণ ৫.৯ মিলিয়ন টন।
ভাৰত চৰকাৰে কিছু সপ্তাহৰ ভিতৰতে নিলাম কৰিব জম্মু-কাশ্মীৰৰ এই লিথিয়ামৰ ভাণ্ডাৰ।
এটা সূত্ৰই জনোৱা মতে কিছুসংখ্যক বিদেশী খনন প্ৰতিষ্ঠানৰ লগত ইতিমধ্যে লিথিয়াম নিলামৰ বাবে আলোচনা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে।
আৰু নিলামীৰ ৰোডমেপ প্ৰস্তুত কৰা হৈছে।
উল্লেখ যে জম্মু-কাশ্মীৰত ৫.৯ মিলিয়ন টন লিথিয়াম ভাণ্ডাৰৰ সন্ধান লাভ কৰি ভাৰতে বিশ্বৰ ভিতৰতে সপ্তম (৭) স্থান লাভ কৰিছে।
এতিয়ালৈকে বিশ্বজুৰি মুঠ ৯.৮ কোটি টন লিথিয়াম ভাণ্ডাৰ আছে।
Discussion about this post