পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে শনিবাৰে দক্ষিণ ইজৰাইলত কেইবাটাও ৰকেট আক্ৰমণ কৰে। ফলস্বৰূপে প্ৰায় ৭০০ গৰাকী লোক নিহত হয় আৰু ২০০০ ৰো অধিক লোক আহত হয়। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে দাবী কৰা মতে হামাছ সন্ত্ৰাসবাদী সংগঠন আৰু ইহুদী ৰাষ্ট্ৰৰ মাজত চলি থকা যুদ্ধত প্ৰায় ১১ গৰাকী আমেৰিকান নিহত হৈছে ।
ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউছৰ এক বিবৃতি উল্লেখ কৰি কয় যে ইজৰাইলৰ নাগৰিকত্ব থকা বহুতো আমেৰিকানো এই যুদ্ধত নিহত হৈছে। নিহত আমেৰিকানসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে বুলি তেওঁ দাবী কৰে। বাইডেনৰ মতে দেশত হওঁক বা বিদেশত হওঁক আমেৰিকান নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা তেওঁৰ প্ৰধান কৰ্তব্য। ইফালে হামাছে বন্দী কৰা সকলৰ মাজত আমেৰিকান নাগৰিক থকাৰো সম্ভাৱনা ব্যক্ত কৰিছে বাইডেনে। তেওঁ আমেৰিকাৰ বিষয়াসকলক প্ৰতিটো ক্ষেত্ৰতে ইজৰাইলী কৰ্তৃপক্ষৰ সৈতে কাম কৰিবলৈ নিৰ্দেশ দিছে। একে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ইজৰাইলৰ বিৰুদ্ধে হামাছৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে।
Discussion about this post