হাইতিৰ ৰাষ্ট্ৰপতি জোভেনেল মইছক বুধবাৰে তেওঁৰ ব্যক্তিগত বাসভৱনত হত্যা কৰে। সংবাদ সংস্থা এএফপিয়ে ক’লে যে, হাইতিৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীয়ে ঘটনাটো নিশ্চিত কৰে।
অৱশ্যে, বৰ্তমান পোৰ্ট-অফ-প্ৰিন্সৰ পৰা প্ৰাৰম্ভিক তথ্য ওলাই আহিছে। ইফালে, সাংবাদিক মাইকেল ডিবাৰ্টে এক বিজ্ঞপ্তি শ্বেয়াৰ কৰি নিশ্চিত কৰে যে, কেৰিবিয়ান দেশৰ ৰাষ্ট্ৰপতিক তেওঁৰ ব্যক্তিগত বাসভৱনত কমাণ্ডোৰ এটা দলে হত্যা কৰিছে।
The president of Haiti, @moisejovenel, has been assassinated by a team of commandos who attacked his home in the hills above Port-au-Prince. Pray for #Haiti and its people. pic.twitter.com/SiWNIwtxm8
— Michael Deibert (@michaelcdeibert) July 7, 2021
খালিজ টাইমছৰ বাতৰি অনুসৰি, অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী ক্লাউড জোছেফে বুধবাৰে পুৱতিনিশা এক বিবৃতিত কয় যে, অচিনাক্ত লোকৰ এটা দলে মাজনিশা হাইতিৰ ৰাষ্ট্ৰপতি জোভেনেল মইছৰ ব্যক্তিগত বাসগৃহত আক্ৰমণ কৰে আৰু তেওঁক গুলীয়াই হত্যা কৰে।
বাতৰি অনুসৰি, ৰাষ্ট্ৰপতিজনক অচিনাক্ত লোকৰ এটা দলে হত্যা কৰিছিল, ইয়াৰে কেইজনমান লোকে স্পেনিচ ভাষা কৈ আছিল। ঘটনাটো বুধবাৰে নিশা প্ৰায় ১ বজাত সংঘটিত হৈছিল।
Photo: Google
Discussion about this post