চুৰি (Thief) কৰি ধৰা পৰা লোকৰ সৈতে জনতাই কি কৰে সেয়া প্ৰায়ে আপুনি দেখিছে বা শুনিছে। তাৰ পিছত আৰক্ষীয়েও সহজে ৰাইজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ভাৰতৰ বাহিৰেও আন দেশবোৰতো একে ধৰণৰ কিবা দেখা পোৱা গৈছে। যেতিয়া মেক্সিকো চিটিত (Maxico City) দুজন চোৰ ধৰা পৰিছিল, তেওঁলোকক ধৰি খুঁটাত বান্ধি দিয়া হৈছিল। দুয়োজনৰ সৈতে ৰাইজে যি কৰিলে সেয়া দেখি সকলো কঁপি উঠিব।
পুৰুষ আৰু মহিলা চুৰি কৰি ধৰা পৰিল
যেতিয়া এগৰাকী মহিলা আৰু এজন পুৰুষক মানুহে চুৰি কৰা ধৰা পেলাইছিল তেতিয়া ৰাইজে দুয়োজনৰে মুখ ডিচি কমিক্সৰ চৰিত্ৰ ‘জকৰ’ৰ দৰে ৰং কৰি দিছিল। স্থানীয় লোকসকলে চোৰ দুটাক ধৰিছিল আৰু তেওঁলোকক এটা খুটাত বান্ধিছিল আৰু তাৰ পিছত তেওঁলোকক এনেকুৱা শাস্তি দিছিল। এনে পৰিস্থিতিত, যেতিয়া স্থানীয় আৰক্ষীয়ে এই কাণ্ড দেখিছিল, তেওঁলোক আচৰিত হৈছিল। চোৰৰ সৈতে এনে কৰা লোকসকলৰ এতিয়া সন্ধান উলিয়াব পৰা নাই।
বজাৰত খুঁটাত বান্ধি মুখত কৰিছিল ৰং
চোৰ দুটাক ধৰাৰ পিছত যেতিয়া বজাৰত বান্ধি থোৱা হৈছিল তেতিয়া আহ-যাহ কৰি থকা লোকসকলে আচৰিত ভাৱে চাইছিল দুয়োকে। আৰক্ষীয়েও ভাবি আছে চোৰৰ সৈতে এনে কাণ্ড কোনে কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহিলাগৰাকীৰ নাম আছিল লাজ মাগালে। কোনোবাই তেওঁলোকক ডগ টেপেৰে হাত আৰু ভৰি বান্ধি দিছিল, লগতে বুকুতো টেপ লগাই দিছিল। যুৱকজনৰ বুকুত লিখা আছিল ‘Soy Rata, যাৰ অৰ্থ হৈছে ‘মই চোৰ’।
Photo: Zee News
Discussion about this post