অস্ত্ৰোপচাৰ (Surgery) হৈছে এনেকুৱা এটা শব্দ যিয়ে যিকোনো লোকৰ ভিতৰত উদ্বিগ্নতা সৃষ্টি কৰে। যিকোনো প্ৰকাৰৰ অস্ত্ৰোপচাৰেই নহওক কিয় সেই লোকজন এনে এটা মুহূৰ্তৰে অতিক্ৰম কৰে সেয়া হয়টো সেইলোকজনেহে বুজিব পাৰে। ভয়ো কৰে, কান্দেও আৰু চিন্তাত থকাও দেখা পোৱা যায়।
আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী মহিলাই তিলৰ অস্ত্ৰোপচাৰৰ কৰিবলৈ যায় আৰু অস্ত্ৰোপচাৰৰ সময়ত মহিলাগৰাকীৰ চকুৰ পৰা পানী ওলাই, আৰু ইয়াৰ বাবে তেওঁ অত্যাধিক মাচুল ভৰিবলগীয়া হয়।
দৰাচলতে, এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলাই দাবী কৰিছিল যে চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ সময়ত কান্দিথকাৰ বাবে তেওঁৰ পৰা অত্যাধিক মাচুল পৰিশোধ কৰিছিল। প্ৰমাণ হিচাপে, মহিলাগৰাকীয়ে তেওঁৰ টুইটাৰ একাউণ্টত বিলখনৰ ফটো শ্বেয়াৰ কৰিছে। এই টুইটটোত ১১ ডলাক শুল্ক কন্দাৰ বাবে পৰিশোধ কৰিছে। মহিলাগৰাকীৰ টুইটটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল আৰু চাওতে চাওতে টুইটটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
মহিলাৰ ওপৰত সংক্ষিপ্ত আৱেগৰ অভিযোগ আৰোপ কৰা হৈছে
সমগ্ৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত এটা বিতৰ্কৰ সৃষ্টি হৈছিল য’ত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ চিন্তা শ্বেয়াৰ কৰা দেখা গৈছিল। আপোনালোকক জনাও যে এই সমগ্ৰ ঘটনাটোৰ বিষয়ে কোৱা মহিলাগৰাকীৰ নাম হ’ল মিজ। মিজে মেডিকেল বিলখন শ্বেয়াৰ কৰিছে, যিখন বিল অস্ত্ৰোপচাৰৰ পিছত তেওঁক প্ৰদান কৰা হৈছিল। এই বিলখনত দেখা পোৱা গৈছে যে, তিল আঁতৰোৱালৈ অস্ত্ৰোপচাৰ মুঠ $234ত হৈছিল।
বিলখনত চিকিৎসক সেৱা, অস্ত্ৰোপচাৰ সেৱা আৰু লগতে ব্ৰীফ ইমছন চাৰ্জো পৰিশোধ কৰিছে। অস্ত্ৰোপচাৰৰ সময়ত কন্দাৰ বাবে এই চাৰ্জ লগোৱা হৈছে। যিটো মিজে পৰিশোধ কৰিছে।
Photo: Tweet
Discussion about this post