“প্ৰায় ১৫ ঘণ্টাৰ বেক টু বেক মিছনৰ পাছত ১৫ মিনিটৰ বাবে জিৰণি।”-সেউজ বননিত কাষতে বহি থকা দুই আফগান সেনাৰ সৈতে বননিত বাগৰি বিশ্ৰাম লৈ থকা এখন ফটো নিজৰ টুইটাৰ হেণ্ডেলত আপলোড কৰি এই শাৰী বাক্যকেই কেপচন হিচাপে দিছিল দানিশ ছিদ্দিকিয়ে। সেয়া আছিল ১৩ জুলাইৰ কথা।
সম্ভৱত এইখনেই শেষৰখন ফটো দানিছৰ। ১৬ জুলাইত পাকিস্তান আফগানিস্তানৰ সীমান্তত তালিবানী আৰু আফগান সেনাৰ মাজত চলি থকা সংঘৰ্ষৰ বাতৰি কভাৰ কৰি থকা অৱস্থাতেই তালিবানীৰ ক্ৰছ ফায়াৰিঙত মৃত্যুমুখত পৰে দানিশ ছিদ্দিকি।
৪১ বছৰীয়া দানিশ, ভাৰতত কৰ্মৰত ৰয়টাৰৰ মুখ্য ফটো সাংবাদিক। শুকুৰবাৰে আফগানিস্তানৰ স্পিন বোল্ডেক অঞ্চলৰ পৰা উদ্ধাৰ হয় দানিশৰ মৃতদেহ। জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ স্নাতক দানিশে সাংবাদিকৰ পাঠ্যক্ৰমৰ পাছতেই এজন টি ভি সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
২০১০ত আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰয়টাৰত ফটো সাংবাদিক হিচাপে যোগদান কৰা দানিশক ৰহিংগীয়া শৰনাৰ্থী সন্দৰ্ভত কৰা বিশেষ কভাৰেজৰ বাবে ২০১৮ চনত সন্মানিত কৰা হয় পুলিটজাৰ বঁটাৰে। সাহসী এই সাংবাদিকজনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে ভাৰতীয় সংবাদ মাধ্যমত।
Photo: Google
Discussion about this post