ক’ৰোনা ভাইৰাছ মহামাৰীৰ (Covid-19 Pandemic) আশংকা এতিয়াও সম্পূৰ্ণৰূপে প্ৰতিহত হোৱা নাই। সেয়েহে, বহু দেশত এতিয়াও মাস্ক (Face Mask) পিন্ধাটো বাধ্যতামূলক। সেই সময়তে এজন কোটিপতি লোকে মাস্ক পৰিধান নকৰাকৈ যেতিয়া বেংকত সোমালে তেতিয়া তেতিয়া তাত থিয় হৈ থকা এজন নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা দিলে।
গাৰ্ডজনে বাধা দিয়াত লোকজনে ইমান বেয়া পাইছিল যে তেওঁ খঙৰ ভমকত বেংকত জমা কৰা তেওঁৰ সকলো ধন উলিয়াই আনিছিল। কেৱল সেয়াই নহয়, লোকজনে বেংক কৰ্মচাৰীসকলক সকলো নোট হাতেৰে গণনা কৰি দিবলৈ এক অনন্য শাস্তিও দিছিল। ইয়াৰ মাজতে কিছুমান ফটো পোহৰলৈ আহিছে, যিবোৰ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।
বেংকত জমা আছিল কোটি কোটি টকা
মিৰ’ৰ ইউকেৰ এক প্ৰতিবেদন অনুসৰি, এই অদ্ভুত ঘটনাটো চীনৰ (China) ছাংঘাইত সংঘটিত হৈছিল। তাত স্থিত বেংক অফ ছাংঘাই (Bank of Shanghai)ৰ কৰ্মচাৰীৰ আচৰণ আৰু সেৱা অতি বেয়া বুলি বৰ্ণনা কৰি কোটিপতিজনে তেওঁৰ একাউণ্টৰ পৰা ৫ নিযুত ইউয়ান অৰ্থাৎ প্ৰায় ৫,৮৪,৭৪,৩৫০ টকা উলিয়াই লয়। চানৱেৰ (Sunwear) নামেৰে জনাজাত, এই লোকজনে বেংকৰ কৰ্মচাৰীসকলক শাস্তি হিচাপে নোটৰ বাণ্ডিল মেচিনৰ সলনি হাতেৰে গণনা কৰি দিবলৈ ক’লে। যাৰ পিছত বেংকত উপস্থিত সকলোৱে নোটগণনা আৰম্ভ কৰিছিল। ইয়াৰ পিছত লোকজনে টকাখিনি লৈ আন এটা বেংকত জমা দিয়ে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, লোকজনে কৈছিল যে বেংকৰ ছিংগল কাৰেঞ্চী কাউণ্টাৰৰ পৰা এমাউণ্ট ওলাবলৈ দুজন বেংক কৰ্মচাৰীৰ প্ৰায় ২ ঘণ্টা সময় লাগিছিল। নগদ ধন ইমান বেছি আছিল যে লোকজনে ইয়াক লৈ যাবলৈ ৪টা চুটকেচ অৰ্ডাৰ কৰিছিল।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/assamese-language-insult-by-assam-government/3798/
Discussion about this post