ডোকলাম (Doklam)ত ভাৰতৰ (India) পৰা শোচনীয় পৰাজয় হোৱাৰ পিছত চীনে(China) নিজৰ খং উলিয়াবলৈ ই-কমাৰ্চ কোম্পানীবোৰৰ আশ্ৰয় ল’বলৈ ধৰিছে। শেহতীয়াকৈ হংকংস্থিত চীনা কোম্পানী JNBYয়ে এনে কিছুমান টেগলাইনৰ সৈতে T-Shirt মুকলি কৰে, যাৰ বাবে হুলস্থুলৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছিল।
ভাৰতীয়সকলৰ অপমান
ইয়াৰ মাজতে JNBY ব্ৰেণ্ডৰ এটা টি-চাৰ্টৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল(Viral) হ’বলৈ ধৰিছে য’ত লিখা আছে, ‘সম্পূৰ্ণ স্থান ভাৰতীয়ৰে ভৰি আছে। ‘মই বন্দুক লৈ সিহঁতৰ টুকুৰা-টুকুৰ কৰি দিম।’
টাইৱান News.comত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এই কোম্পানীটোৱে সৰু-সৰু ল’ৰা-ছোৱালীৰ টি-চাৰ্টত টেগ লাইন প্ৰিণ্ট কৰিছে যিয়ে গ্ৰাহকসকলক কোম্পানীটোৰ বিৰুদ্ধে খং উঠাবলৈ বাধ্য কৰোৱাইছে। অৱশ্যে যেতিয়া বিষয়টো বাঢ়ি যাবলৈ আৰম্ভ কৰিছিল তেতিয়া JNBYয়ে শিশুৰ কাপোৰত ব্যৱহৃত শব্দবোৰৰ বাবে ক্ষমা বিচাৰিছিল, কিন্তু ভাৰতীয়সকলৰ বিৰুদ্ধে যি লিখা হৈছিল সেই সন্দৰ্ভত নীৰৱতা প্ৰদৰ্শন কৰে।
নাগৰিকসকলৰ উঠিল খং
দৰাচলতে, কোম্পানীটোৱে শিশুৰ টি-চাৰ্টত ‘ৱেলকাম টু হেল’ আৰু ‘লেট মি টাচ ইউ’ৰ দৰে ইংৰাজী শব্দ আৰু ফটো ব্যৱহাৰ কৰিছিল, যাৰ ওপৰত এগৰাকী মহিলা ইউজাৰে আপত্তি দৰ্শাইছে। নিজৰ সন্তানৰ বাবে কাপোৰ অৰ্ডাৰ কৰা এগৰাকী চীনা মাতৃয়ে নিজৰ ছচিয়েল মিডিয়া একাউণ্টত বগা (White) চাৰ্টৰ ফটো শ্বেয়াৰ কৰিছিল, য’ত ক’লা ৰং থকা এখন ছবি আৰু টিপ্পনী আছিল, যিটো অলপতে ইংৰাজী নজনা শিশুৰ ককা-আইতাকে ক্ৰয় কৰিছিল। আপুনিও চাওক টি-চাৰ্টৰ সেই বিতৰ্কিত প্ৰিণ্টটো।

কোম্পানীটোক লক্ষ্য কৰি মহিলাগৰাকীয়ে লিখিছিল, ‘নৰকত স্বাগতম। মোক ক্ষমা কৰি দিব? আপুনি কাক আদৰণি জনাইছে? যদি ৪ বছৰৰ এটি শিশুৱে এই টি-চাৰ্টটো পিন্ধে তেতিয়া আগলৈ কি হ’ব সেয়া ভবাটো ভয়ংকৰ।
বজাৰৰ পৰা আঁতৰোৱা হ’ল সামগ্ৰী
এগৰাকী চীনা মাতৃৰ অনলাইন অভিযোগ ভাইৰেল হোৱাৰ পিছত JNBYয়ে বজাৰৰ পৰা সকলো বিতৰ্কিত টি-চাৰ্ট প্ৰত্যাহাৰ কৰিছে। আপোনালোকক জনাও যে কোম্পানীটোৱে পূৰ্বেও বিতৰ্কিত টেগৰ সৈতে সামগ্ৰী আৰু কাপোৰ মুকলি কৰিছিল।
Photo: Zee News




























Discussion about this post