সঁচা প্ৰেম কি আচলতে? সুখে-দুখে, হাঁহিয়ে-কান্দোনে, জীৱনে-মৰণে এজনে আনজনৰ সৈতে থকাৰ প্ৰতিশ্ৰুতি দিয়াটো জানো প্ৰকৃত ভালপোৱা?
যদি এয়াই ভালপোৱা, তেন্তে মাহমুদুল আৰু ফাহদিমাৰ প্ৰেমতকৈ শ্ৰেষ্ঠ প্ৰকৃত ভালপোৱাৰ উপমা হয়তো এই মুহূৰ্তত আন কোনো হ’ব নোৱাৰে। অলপতে বিবাহ সম্পন্ন হৈ গ’ল মাহমুদুল আৰু ফাহদিমাৰ। কিন্তু বিয়াৰ বাবে সজা নহ’ল কোনো ৰভা, উদুলি-মুদুলি হৈ নপৰিল ৰভাঘৰৰ পৰিৱেশ।
বিয়াৰ (Marriage) আনন্দৰ মাজতো উপস্থিত সকলোৰে মনত আছিল এক বিষাদ। কাৰণ, বিয়াৰ স্থান আছিল এখন হাস্পতাল। দৰাচলতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে ফাহমিদা। চিকিৎসকৰ কোৱা অনুসৰি, তাইৰ হাতত আৰু বেছিদিন নাই। সেয়ে হাস্পতালৰ ভিতৰতে সম্পন্ন হ’ল প্ৰেমিক মাহমুদুলৰ (Boyfriend Mahmudul Hasan) সৈতে ফাহমিদাৰ (Girlfriend Fahmida Kamal) বিয়াখন।
জীৱনৰ এই বিশেষ দিনটোত বেনাৰসী শাৰী পিন্ধি নিজক সজাই তুলিলে ফাহমিদাই। কিন্তু চকুত আছিল বিষাদৰ ছায়া। ইফালে দৰা মাহমুদেও প্ৰতিশ্ৰুতি দিলে মৃত্যুপৰ্যন্ত যতন লোৱাৰ।
বিবাহৰ স্থান বাংলাদেশৰ (Bangladesh) চিটাগং চহৰ (Chittagong City)। চহৰখনৰ কক্সবজাৰৰ নিৱাসী মাহমুদুল হাছান পেছাত এগৰাকী চৰকাৰী চাকৰিয়াল। নৰ্থ চাউথ বিশ্ববিদ্যালয়ত তেওঁ এমবিএ অধ্যয়ন কৰি থকাৰ সময়তে পৰিচয় ঘটিছিল দক্ষিণ বকলিয়াৰ সুন্দৰী যুৱতী ফাহমিদা কামালৰ সৈতে। সেই সময়ত ফাহমিদাও আছিল এমবিএৰ ছাত্ৰী। চাওতে চাওতে দুয়োৰে মাজৰ বন্ধুত্বই প্ৰেমৰ ৰূপ লয়। নিজা নিজা কৰ্মক্ষেত্ৰত জড়িত হোৱাৰ পিছত মাহমুদুল আৰু ফাহমিদাই বিবাহৰ সিদ্ধান্ত লয়।
কিন্তু সেই সময়তে ফাহমিদাৰ দেহত ধৰা পৰে দুৰাৰোগ্য কৰ্কট ৰোগ। প্ৰথমে ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ফাহমিদাক। তাৰ পিছত ভাৰতৰ টাটা মেম’ৰিয়েল হাস্পতাললৈও লৈ অনা হয় ফাহমিদাক।
চিকিৎসকে সকলো প্ৰকাৰে চিকিৎসা চলাই অৱশেষত ঘোষণা কৰে- ফাহমিদাৰ ওচৰত আৰু জীয়াবলৈ বেছি দিন নাই! ২৫ বছৰীয়া যুৱতীগৰাকীৰ এই অস্বাভাৱিক মৃত্যুৰ বাতৰিয়ে শোকবিহ্বল কৰি তোলে পৰিয়ালক। চিটাগঙলৈ (Chittagong) উভতাই অনাৰ পিছত তেওঁক পুনৰ ভৰ্তি কৰোৱা হয় চিকিৎলায়ত। কিন্তু লাহে লাহে অধিক অৱনতি ঘটে ফাহমিদাৰ স্বাস্থ্যৰ।
কিন্তু ফাহমিদাৰ এই কঠিন পৰিস্থিতিৰ সময়তো অনৱৰতে তেওঁৰ কাষত থিয় হৈ থকা মানুহজনেই হ’ল মাহমুদুল। ফাহমিদাৰ হাতত হাত থৈ প্ৰেমিক মাহমুদুলে প্ৰায়ে কয়- ‘মই তোমাৰ কাষত আছো, চিৰদিন থাকিম।’
এয়াই হয়তো প্ৰকৃত ভালপোৱা! এদিন মাহমুদুলে ফাহমিদাৰ পৰিয়ালৰ সন্মুখত বিয়াৰ প্ৰস্তাৱ দিয়ে। প্ৰথমে সকলোৱে এই প্ৰস্তাৱ শুনি আচৰিত হয় যদিও নিজৰ সিদ্ধান্তত অটল মাহমুদুলে অৱশেষত সৈমান কৰাবলৈ সক্ষম হয় দুয়োটা পৰিয়ালক।
পিছত যেতিয়া হাস্পতালৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা ফাহমিদাক এই খবৰ দিয়া হয়, তায়ো আচৰিত হয়। বাৰে বাৰে তেওঁ মাহমুদুলক এনে নকৰিবলৈ কয়। কিন্তু তেতিয়াও নিজৰ সিদ্ধান্তত অটল হৈ থকা প্ৰেমিক মাহমুদুলৰ ওচৰত অৱশেষত মৃত্যুৰ পূৰ্বৰ সময়খিনি সমৰ্পণ কৰিবলৈ বাধ্য হয় ফাহমিদা।
তাৰ পিছতে হাস্পতালত সম্পন্ন হয় মাহমুদুল আৰু ফাহমিদাৰ বিবাহ। কিছু সময়ৰ বাবে ফাহমিদাৰ মুখত বিৰিঙি উঠে হাঁহি। ৰঙা বেনাৰসী শাৰী পিন্ধি কইনাৰ সাজত ফাহমিদাই হাস্পতালৰ বিচনাতে উদযাপন কৰে জীৱনৰ এটা বিশেষ দিন। সামাজিক মাধ্যমত ইতিমধ্যে ফাহমিদা আৰু মাহমুদুলৰ বিবাহৰ ফটো ভাইৰেল হৈ পৰিছে।
ফাহমিদা দুগৰাকী ভগ্নী আৰু এজন ভায়েকৰ ভিতৰত দ্বিতীয়। তাইৰ ডাঙৰ ভনীয়েকে তাইৰ স্বামীৰ সৈতে চীনত বাস কৰে। সৰু ভায়েক কলেজত অধ্যয়নৰত।
Photo: Google, Input: News8 Norteast
Discussion about this post