অহা দুদিনলৈ ৯ ছেপ্টেম্বৰ শনিবাৰৰ পৰা আৰম্ভ হোৱা ১৮ সংখ্যক জি-২০ সন্মিলনৰ বাবে নতুন দিল্লীৰ প্ৰগতি ময়দানৰ বিস্তৃত ভাৰত মাণ্ডপামত সমবেত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আৰু অন্যান্য বিশ্ব নেতাসকল।
জি-২০ শীৰ্ষ সন্মিলনত “সংস্কৃতি কৰিডৰ” (“culture corridor,”) নামেৰে পৰিচিত ভাৰত মাণ্ডপামত (Bharat Mandapam) ভাৰতকে ধৰি ২৯খন দেশৰ বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰা আৰু জি-২০লৈ বিশেষভাৱে আমন্ত্ৰিতসকলৰ প্ৰদৰ্শন কৰা হয়। এই উপস্থাপনাই ভৌতিক আৰু ভাৰ্চুৱেল দুয়োটা প্ৰদৰ্শনীকে সামৰি লৈছে, যিয়ে দৰ্শনাৰ্থীসকলক এক নিমজ্জিত অভিজ্ঞতা প্ৰদান কৰে।
নতুন দিল্লীৰ প্ৰগতি ময়দানত ভাৰত মাণ্ডপাম নামেৰেও (Bharat Mandapam) পৰিচিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-সম-অধিৱেশন কেন্দ্ৰ (IECC) কমপ্লেক্সত অনুষ্ঠিত হৈছে জি-২০ শীৰ্ষ সন্মিলন । ২০২৩ চনৰ ২৬ জুলাইত এই কমপ্লেক্সটো উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
প্ৰায় ২৭০০ কোটি টকাৰ বিনিয়োগেৰে ভাৰত মণ্ডপাম (Bharat Mandapam) নিৰ্মাণ কৰা হৈছিল। ভাৰত মাণ্ডপামে (Bharat Mandapam) ভাৰতক এক প্ৰধান বিশ্বব্যাপী ব্যৱসায়িক গন্তব্যস্থান হিচাপে প্ৰদৰ্শন আৰু প্ৰচাৰৰ বাবে এক মঞ্চ হিচাপে কাম কৰে।
ভাৰত মণ্ডপমৰ (Bharat Mandapam) বিষয়ে আকৰ্ষণীয় তথ্য:
বিশ্বৰ নেতাসকলৰ বাবে আকৰ্ষণীয় ‘ভাৰত মাণ্ডপাম’ই ১২৩ একৰ ভূমিত বিস্তৃত হৈ বিশ্বব্যাপী অনুষ্ঠানৰ বাবে নিজকে এক বিশিষ্ট গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিছে।
‘ভাৰত মণ্ডপম’(Bharat Mandapam) নামটো ভগৱান বাসৱেশ্বৰৰ (Lord Basaveshwara’s) অনুভৱ মণ্ডপমৰ (Anubhava Mantapa was established by Basavanna in 12th century at Basavakalyan in Bidar, Karnataka.) ধাৰণাটোৰ পৰা অনুপ্ৰাণিত হৈ দিয়া হৈছে।
‘ভাৰত মণ্ডপম’(Bharat Mandapam) আকৃতি ‘শংখ ’ (শংখৰ খোলা)ৰ পৰা আহৰণ কৰা হৈছে, আৰু কনভেনচন চেণ্টাৰৰ বিভিন্ন দেৱাল আৰু মুখাৱয়বত ভাৰতৰ পৰম্পৰাগত বিভিন্ন চিত্ৰ আৰু জনজাতীয় শিল্পৰূপেও কনভেনচন চেণ্টাৰটো শোভা বঢ়াইছে।
কনভেনচন চেণ্টাৰ সম্পূৰ্ণ ৫জি ৱাই-ফাই আবৃত কেম্পাছ, আৰু ১০জি ইন্ট্ৰানেট সংযোগো আছে।
‘ভাৰত মণ্ডপাম’ত আছে ১৬টা ভিন্ন ভাষা সমৰ্থন কৰিব পৰাকৈ অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত দোভাষী কক্ষ, বিশাল আকাৰৰ ভিডিঅ’ দেৱালৰ সৈতে উন্নত এভি ব্যৱস্থা।
দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে আই ই চি চিয়ে ৫৫০০ৰো অধিক বাহন পাৰ্কিং স্থানৰ ব্যৱস্থা কৰিছে।
বহুমুখী হল আৰু পূৰ্ণাংগ হলৰ সৈতে ভাৰত মণ্ডপামত আৰামদায়কভাৱে ৭,০০০ জনলৈকে উপস্থিত থাকিব পাৰে, আনকি আসনৰ ক্ষমতাৰ ক্ষেত্ৰতো অষ্ট্ৰেলিয়াৰ বিখ্যাত ছিডনী অপেৰা হাউচকো অতিক্ৰম কৰিব পাৰে।
‘ভাৰত মণ্ডপাম’ৰ এম্ফিথিয়েটাৰটোও সমানেই আকৰ্ষণীয়, ইয়াত ৩,০০০ ব্যক্তিৰ বাবে ঠাই আছে।
১২৩ একৰ বিস্তৃত এই অঞ্চলটোৱে বৃহৎ পৰিসৰৰ অনুষ্ঠানৰ বাবে যথেষ্ট ঠাই প্ৰদান কৰাই নহয়, বিশ্বৰ নেতাসকলক আতিথ্য প্ৰদান আৰু অৰ্থপূৰ্ণ পাৰস্পৰিক ক্ৰিয়াৰ সুবিধা প্ৰদানৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ উদাহৰণো দাঙি ধৰে।
Discussion about this post