দক্ষিণ বাংলাদেশত (South Bangladesh) শুকুৰবাৰে পুৱা এক শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হয়। সুগন্ধা নদীত এখন যাত্ৰীবাহী জাহাজত (Boat) জুই (Fire) লাগি ৩৬ গৰাকী লোক নিহত (Death) হয় আৰু ১০০ৰো অধিক লোক জ্বলি যায় (Injured)। জানিবলৈ দিয়া অনুসৰি দুৰ্ঘটনাটোৰ সময়ত জাহাজখনত প্ৰায় ১০০০ গৰাকী লোক আছিল। ঘটনাটো ৰাজধানীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত ঝালকোটি জিলাত সংঘটিত হৈছিল।
ঘটনাটোৰ সময়ত কিছুমান লোকে নদীত জাপ দিছিল যাৰ ফলত তেওঁলোকে প্ৰাণ হেৰুৱাইছিল। শেহতীয়া তথ্য অনুসৰি, এতিয়ালৈকে নদীৰ পৰা ৩৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অগ্নিদগ্ধ হৈ আহত লোকসকল বৰ্তমান স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
নাওখন ৰাজধানী ঢাকাৰ (Dhaka) পৰা বৰগুনালৈ গৈ আছিল। শুকুৰবাৰে পুৱা প্ৰায় ৩.০০ বজাত মটৰ জাহাজখনত হঠাতে জুই লাগিছিল। জুই (Fire) লগাৰ সময়ত যাত্ৰীসকল শুই আছিল। জুই লগাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হৈছিল। কিছুমান যাত্ৰীয়ে কি ঘটিছিল বুজিব পৰা নাছিল, কিছুমান যাত্ৰীয়ে ভয়ংকৰ জুই দেখি নদীত জঁপিয়াই পৰিছিল।
তাৰ ফলতো কেইবাজনো লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছত, বৰিশাল ডিভিজন অগ্নি নিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-সঞ্চালক কমল উদ্দিন ভূঞাৰ নেতৃত্বত ১৫খন অগ্নি নিৰ্বাপক গাড়ী পুৱা ৩.৫০ বজাত ঘটনাস্থলীত উপস্থিত হৈছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/online-fraud-belt-money-bag-instead-of-mobile-at-hojai-in-assam/5572/
Discussion about this post