দেওবাৰে নাৰায়ণগঞ্জৰ (Narayanganj) লেভেল ক্ৰছিঙৰ ৰে’লৱে ট্ৰেকত আৱদ্ধ হৈ পৰা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত (Bus-Train Horrific Accident) হৈ এটি শিশুসহ ৩জন লোকে প্ৰাণ হেৰুৱায় (3 Death)। সদৰ মডেল আৰক্ষীৰ OC শ্বাহ জামানে ক’লে- এই ঘটনাটো চহৰৰ ১ নম্বৰ লেভেল ক্ৰছিঙত সংঘটিত হয়।
তেওঁ লগতে কয় যে, নৱাব ছিৰাজুদ্দুলা ৰোডত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত (Bus-Train Horrific Accident) প্ৰায় ৯জন লোক গুৰুতৰভাৱে আহত (9 Injured) হয়। ২ গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয়, আনহাতে শিশুটিৰ বাওঁ ভৰি ভাঙি যায়, আহত অৱস্থাত শিশুটিক ঢাকা মেডিকেল কলেজ হাস্পতাললৈ (DMCH) লৈ যোৱাৰ সময়তে কৰুণ মৃত্যুক সাৱটি লয়। বিষয়াসকলে এগৰাকী লোকৰ পৰিচয় কণী বিক্ৰেতা আবুল কালাম(৪০)ৰ পোৱা গৈছে। পিছত লোকজনৰ মৃতদেহ পৰিলায়ৰ লোকক ছমজাই দিয়া হয়।
অন্য ২জন লোকৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই। নাৰায়ণগঞ্জ অগ্নিনাৰ্বাপক বাহিনীৰ উপ-সঞ্চালক আব্দুলা অল অৰিফিনে ক’লে, দুৰ্ঘটনাটোৰ পিছত দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ তলৰ পৰা ২টা মৃতদেহ উদ্ধাৰ কৰে।
DMCHত উপস্থিত হোৱাৰ পিছত প্ৰায় ৮.৩০ত কৰ্তব্যত নিয়োজিত চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে। ঢাকাৰ পৰা আহি থকা এই ৰে’লখনে সন্ধিয়া প্ৰায় ৬ বজাত নাৰায়ণগঞ্জ ৰে’লৱে ষ্টেচনলৈ গৈ আছিল, সেই সময়তে ১০-১৫ গৰাকী যাত্ৰী থকা এখন বাছত খুন্দা মাৰে। যাম-জঁটৰ বাবে লেভেল ক্ৰছিঙত আৱদ্ধ হৈ পৰে ৰে’লখন। ৰে’লখনে বাছখনক বহু মিটাৰ দূৰত্বলৈ চোঁচৰাই লৈ যায়।
Photo: Google
Discussion about this post