বৃহস্পতিবাৰে কংগোৰ (Congo) ৰাজধানী কিঞ্চাচাত (Kinshasa) এডাল “হাই-ভল্টেজ” বৈদ্যুতিক তাঁৰত লাগি (High Voltage Power Cable Snaps) ২৬ গৰাকী লোক নিহত (26 dead) হয়, যাৰ বেছিভাগ স্থানীয় বজাৰত কাম কৰা মহিলা। বিষয়াসকলে এই বিষয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী চামা লুক্কোণ্ডে (PM Sama Lukonde) কয় যে বেয়া বতৰৰ বাবে মাতাদি কিৱালা বজাৰত ‘হাই-ভল্টেজ’ তাঁৰ ছিগি যোৱাৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ বহু লোকৰ মৃত্যু হয়।
বিষয়াসকলে কৈছিল যে মৃতসকলৰ ভিতৰত ২৪ গৰাকী মহিলা (Dead 24 Women) আছিল। এগৰাকী স্থানীয় বিক্ৰেতা চাৰ্লিন ট্বাই কোৱা অনুসৰি, “আমি এটা গীৰ্জাত একত্ৰিত হৈছিলোঁ আৰু বৰষুণ বন্ধ হোৱালৈ অপেক্ষা কৰি আছিলো। হঠাতে, আমি জুইৰ শিখা দেখিছিলোঁ আৰু চিঞৰি উঠিলোঁ, “ঈশ্বৰ, আমাক ৰক্ষা কৰক।” যেতিয়া আমি বাহিৰলৈ ওলাই আহিছিলো, আমি দেখিছিলো যে তাত সামগ্ৰী বিক্ৰী কৰা সকলো লোক নিষ্প্ৰাণ মাটিত পৰি আছিল। চৰকাৰৰ মুখপাত্ৰ পেট্ৰিক মুয়াই কৈছিল যে তাৰ পৰা বজাৰখন আঁতৰাবলৈ কাম আৰম্ভ কৰা হৈছে।
Photo: Google
Discussion about this post