২০২৩ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা কৰা হয় ৷ ইৰানৰ কাৰাবন্দী মানৱাধিকাৰ কৰ্মী নাৰ্গিছ মহম্মদিলৈ চলিতবৰ্ষৰ বাবে আগবঢ়োৱা হয় শান্তিৰ ন’বেল বটাঁ৷
ইৰাণত মহিলাৰ ওপৰত চলোৱা উৎপীড়ণৰ বিৰুদ্ধে যুঁজিছিল মহম্মদীয়ে ৷ মহিলাৰ স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ বাবে তেওঁক দিয়া হয় এই সন্মান ৷
উল্লেখ্য যে,নাৰ্গিছ মহম্মদি ইৰাণৰ এগৰাকী মানৱাধিকাৰ কৰ্মী আৰু সাংবাদিক ৷যি মহিলাৰ অধিকাৰ আৰু মৃত্যুদণ্ড ৰদ কৰাৰ বাবে অহৰহ যুঁজ দিয়া অধিবক্তা ।
মানৱাধিকাৰ কৰ্মী গৰাকী ইৰাণত একাধিকবাৰ কাৰাবাসৰ সন্মুখীন হৈছিল আৰু আনকি ‘ৰাষ্ট্ৰদ্ৰোহ’ কৰাৰ অভিযোগত বৰ্তমান দীঘলীয়া কাৰাবাস খাটি আছে।
নাৰ্গিছক কাৰাবন্দী কৰি ৰখাৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত নিন্দা আৰু গৰিহণাৰ সন্মুখীন হৈছিল ইৰাণী চৰকাৰ ৷
স্মতৰ্ৱ্য যে,শান্তি গৱেষণা প্ৰতিষ্ঠান অছলো (পিআৰআইঅ’)ৰ সঞ্চালক হেনৰিক উৰ্দালে মন্তব্য কৰে, “ইতিহাসই আমাক দেখুৱাইছে যে মানৱ অধিকাৰৰ প্ৰতি সন্মান শান্তিপূৰ্ণ সমাজৰ সৈতে অন্তৰ্নিহিতভাৱে জড়িত। সেয়েহে মানৱ অধিকাৰৰ বাবে অহিংস সংগ্ৰাম হৈছে শান্তি আৰু স্থিৰতাৰ বাবে এক মূল্যৱান অৱদান ।
Nobel Prize awarded women : নোবেল বঁটা প্ৰদান কৰা মহিলা
১৯০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত এতিয়ালৈকে মহিলাক ৬৪ বাৰকৈ নোবেল বঁটা (The Nobel Prize ) প্ৰদান কৰা হৈছে।
এইসকলৰ ভিতৰত মেৰী কিউৰীয়েহে (Marie Curie) দুবাৰকৈ নোবেল বঁটা সন্মানেৰে সন্মানিত হৈছে, ১৯০৩ চনত পদাৰ্থ বিজ্ঞানৰ আৰু ১৯১১ চনত ৰসায়ন বিজ্ঞানৰ বাবে নোবেল বঁটা লাভ কৰিছে।
Discussion about this post