শিৱসাগৰৰ (চৰাইদেউ জিলা)ৰ টিয়কঘাটস্থিত ১২৫ বছৰীয়া পুৰণি অভিজাত ‘আইদেউবাৰী চাহ বাগিচা’ ৰ ‘ৰুজানি চাহে’ (rujani tea) বিদেশৰ মাটিত অসমলৈ কঢ়িয়াই আনিছে সন্মানীয় স্বর্ণ পদক।
ইউ কে টীৰ উদ্যোগত লণ্ডনত অনুষ্ঠিত দ্য লিফিছ-২০২৩ ইণ্টাৰনেচনেল টী একাডেমী এৱাৰ্ড – এই অনুষ্ঠানটো চাহৰ উৎপাদকসকলক বিক্ৰেতাৰ সৈতে সংযোগ কৰি ব্যতিক্ৰমী চাহৰ বজাৰখন সবল কৰি তুলিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা হৈছিল।
এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৩২০টা ব্ৰেণ্ডৰ চাহে ভাগ লৈছিল। যোৱা ২৬ অক্টোবৰত লণ্ডনৰ এছিয়া হাউছত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ৰুজানি টিপি ৰিজাৰ্ভ, দাৰ্জিলিঙৰ গ্লেনবাৰ্ণ ফাইন টিকে ধৰি বিশ্বৰ বিভিন্ন চাহ উৎপাদনকাৰী অঞ্চলৰ মুঠ দহখন চাহ বাগিচাই স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হৈছে।
অসমৰ ভাল চাহৰ সমাদৰ বিশ্বজুৰি আছে আৰু সেইবাবে তাৰ স্বীকৃতি অব্যাহত ৰাখিবলৈ এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত ভাগ লবলৈ সকলোকে আহ্বান জনাইছে আইদেউবাৰী চাহ বাগিচাৰ সঞ্চালক ৰাজ বৰুৱাই।
লগতে সঞ্চালকগৰাকীয়ে জনায় যে কিছুদিনৰ পাছতে আইদেউবাৰী আৰু ৰুজানি এই দুটা ব্ৰেণ্ড অসমৰ বজাৰত পোৱা যাব।
উল্লেখ্য যে আইদেউবাৰী চাহ বাগিচাৰ সঞ্চালক ৰাজ বৰুৱা প্ৰসিদ্ধ ক্ৰিকেটাৰ মাধুৰ্য প্ৰসাদ বৰুৱাৰ পুত্ৰ আৰু এ টি পি অ’ৰ প্ৰাক্তন অধ্যক্ষ।
Discussion about this post