লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!
নতুন দিল্লী [ভাৰত], ১৬ ছেপ্টেম্বৰ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (External Affairs Minister S Jaishankar) শনিবাৰে লাটভিয়াৰ (Latvia’s) নতুন বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে কৃষ্ণিছ কাৰিন্সক ((Krisjanis Karins)) অভিনন্দন জনোৱাৰ লগতে ভাৰত আৰু লাটভিয়াৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰে।
পূৰ্বে টুইটাৰ নামেৰে পৰিচিত এক্সত এটা পোষ্ট শ্বেয়াৰ (Sharing a post on X, formerly known as Twitter) কৰি জয়শংকৰে কয় যে, “লাটভিয়াৰ বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে @krisjaniskarins ক অভিনন্দন জনাইছো। আমাৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ একেলগে কাম কৰিবলৈ আগ্ৰহী।”
উল্লেখযোগ্য, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ভাৰত আৰু লাটভিয়াৰ মাজৰ সম্পৰ্ক উষ্ণ আৰু বন্ধুত্বপূৰ্ণ (warm and friendly) । ১৯৯১ চনৰ ৭ ছেপ্টেম্বৰত ভাৰতে লাটভিয়াক সাৰ্বভৌম আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়ে আৰু ১৯৯২ চনৰ ২৫ ফেব্ৰুৱাৰীত কূটনৈতিক সম্পৰ্ক স্থাপন কৰে। ২০১৪ চনৰ জানুৱাৰী মাহত লাটভিয়া চৰকাৰে নতুন দিল্লীত নিজৰ দূতাবাস মুকলি কৰে।
লাটভিয়া : লাটভিয়া (Latvia) লিথুৱেনিয়া আৰু ইষ্ট’নিয়াৰ (Lithuania and Estonia) মাজত বাল্টিক সাগৰৰ (Baltic Sea) এখন দেশ। ইয়াৰ ভূ-প্ৰকৃতি ঘন, বিস্তৃত অৰণ্যৰে চিহ্নিত। লাটভিয়াৰ ৰাজধানী ৰিগা (Riga) , য’ত উল্লেখযোগ্য কাঠ আৰু আৰ্ট ন্যুভ’ স্থাপত্য (art nouveau architecture), বিশাল কেন্দ্ৰীয় বজাৰ আৰু চেণ্ট পিটাৰ গীৰ্জাৰ (St. Peter’s Church) সৈতে মধ্যযুগীয় পুৰণি চহৰ আছে। ৰিগাৰ সংগ্ৰহালয়সমূহৰ ভিতৰত আছে লাটভিয়ান এথ্ন’গ্ৰাফিক অ’পেন-এয়াৰ মিউজিয়াম (Latvian Ethnographic Open-Air Museum) , য’ত স্থানীয় শিল্পকৰ্ম, খাদ্য আৰু সংগীত প্ৰদৰ্শন কৰা হৈছে।
Discussion about this post