সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত। বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ ২২ জানুৱাৰীত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি। ২৩ জানুৱাৰীৰ পৰা ভক্তৰ বাবে মুকলি কৰি দিয়া হ’ব মন্দিৰৰ দুৱাৰ৷ প্রায় ১৮০০ কোটি টকা ব্যয় সাপেক্ষে পৰম্পৰাগত নাগৰ আর্হিত ২.৭৭ একৰ ভূমিত নিৰ্মাণ হৈছে এই মন্দিৰ।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অযোধ্যাৰ ৰাম মন্দিৰ। ১৩ খন সোণৰ দুৱাৰ স্থাপন কৰা হ’ব ৰাম মন্দিৰত। মুঠ ৪৬ খন দুৱাৰৰ ৪২ খনতেই দিয়া হ’ব সোণৰ প্ৰলেপ। ইতিমধ্যে প্ৰতিষ্ঠা কৰা প্ৰথমখন সোণৰ দুৱাৰৰ দৈৰ্ঘ্য ১২ ফুট আৰু প্ৰস্থ ৮ ফুট। এই সোণৰ প্ৰলেপ দুৱাৰ কেইখন ভক্ত আৰু পৰ্যটকৰ বাবে কেন্দ্ৰবিন্দু হৈ পৰিব।
ভক্তৰ বাবে সাজু ৰাম মন্দিৰ




























Discussion about this post