ভাৰত-আয়াৰলেণ্ড শৃংখলাত জ্যেষ্ঠ খেলুৱৈক বিশ্ৰাম দি উদীয়মান খেলুৱৈক সুযোগ দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। ৰোহিত,বিৰাট,ৰাহুল,পাণ্ডিয়া আদিৰ দৰে তাৰকা ক্ৰিকেটাৰ অবিহনে দ্বিতীয় শাৰীৰ খেলুৱৈ লৈ আয়াৰলেণ্ডলৈ উৰা মাৰিছে ভাৰতীয় ক্ৰিকেট দল।
এই শৃংখলাতে আঘাতৰ বাবে দীৰ্ঘদিন খেলপথাৰৰ বাহিৰত থকা জছপ্ৰীত বুমাৰাহ অগ্নি পৰীক্ষাৰ সন্মুখীন হ’ব। কিয়নো ৰোহিত-পাণ্ডিয়াৰ অনুপস্থিতিত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব বুমৰাহে।
শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব তিনিখনীয়া টি-২০ শৃংখলাৰ যাত্ৰা।
ডাবলিনৰ সেউজ পৰিৱেশত শুকুৰবাৰে ভাৰত-আয়াৰলেণ্ডৰ মাজত শৃংখলাৰ প্ৰথমখন টি-২০ আন্তঃৰ্জাতিক মেচ অনুষ্ঠিত হ’ব। এই শৃংখলাত দেখা পোৱা যাব পাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিস্ফোৰক বেটছমেন ৰিংকু সিঙক।
Discussion about this post