ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ISMR) ৰ মতে, ভাত খোৱাৰ আগে আগে বা তাৰ ঠিক পাছতে কফি বা চাহ পান কৰাটো শৰীৰৰ বাবে ক্ষতিকাৰক।
(ISMR) ৰে ভাৰতীয় পৰিপুষ্টি প্রতিষ্ঠান (NIN)ৰ স’তে যৌথভাৱে মানৱ শৰীৰত চাহ-কফিৰ প্ৰভাৱ সম্পর্কে এটা গবেষণা সম্পন্ন কৰিছে।
এই গৱেষণাত প্রাপ্ত তথ্য অনুসৰি, ভাত খোৱাৰ অন্তত এঘণ্টাৰ আগত চাহ বা কফি পান কৰা উচিত নহয়। একেদৰে ভাত খোৱাৰ অন্তত এঘণ্টা পাছলৈকে এপিয়লা চাহ বা কফি হাতত তুলি ল’ব নালাগে। অন্যথা শৰীৰৰ ক্ষতিসাধন হোৱাৰ আশংকা থাকে। ISMR ৰ মতে, চাহ-কফিত থকা টেনিন নামৰ পদার্থই ভাতৰ পৰা লৌহ পদার্থ শোষণত শৰীৰক বাধা দিয়ে। নিয়মীয়াকৈ শৰীৰে এনে বাধা পাই থাকিলে, শৰীৰত লৌহ পদাৰ্থৰ অভাৱে দেখা দিয়াই নহয়, শৰীৰত ৰক্তহীনতা (এনিমিয়া)ৰ সৃষ্টি হ’ব পাৰে।
তদুপৰি অত্যধিক মাত্ৰাত কফি খোৱাৰ ফলত ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে হৃদজনিত ৰোগৰো সৃষ্টি হ’ব পাৰে। সেয়েহে ভাৰতীয় চিকিৎসা পৰিষদে কফি পানৰ ক্ষেত্ৰত আন এটা নিয়মো বান্ধি দিছে। পৰিষদৰ মতে, দৈনিক এজন ব্যক্তিয়ে তিনিশ মিলিগ্রাম কেফাইনহে গ্রহণ কৰা উচিত। কফিত কেফাইন পোৱা যায়।
উল্লেখ্য যে ISMR ৰে আহাৰ গ্ৰহণ সম্বন্ধীয় এলানি নীতি-নির্দেশনা প্রকাশ কৰিছে। এই নীতি-নির্দেশনাত লগতে কোৱা হৈছে যে গাখীৰ নিদিয়া তথা ৰঙা চাহে শৰীৰৰ বহু উপকাৰ সাধন কৰে। এনে উপকাৰসমূহৰ অন্যতম হৈছে নিয়মিতভাৱে ৰঙা চাহ পান কৰিলে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পোৱাৰ লগতে পাকস্থলীৰ কৰ্কট আৰু ধমনীজনিত হৃদৰোগৰ আশংকা হ্রাস কৰে।
ভাৰতীয় চিকিৎসা পৰিষদে লগতে সু-স্বাস্থ্যৰ বাবে ফল-মূল, সেউজীয়া শাক-পাচলি, সাগৰীয় খাদ্য, দাইল আদি গ্ৰহণৰ পৰামর্শ আগবঢ়াইছে। আনহাতে, শৰীৰৰ বাবে ক্ষতিকাৰক হিচাপে চিহ্নিত কৰি তেল, চেনি, নিমখ গ্ৰহণৰ পৰিমাণ হ্রাস কৰিবলৈ পৰিষদে আহ্বান জনাইছে।
Discussion about this post