স্বামীক ‘ডিভোৰ্চ’ দিয়াৰ পাছতেই ডুবাইৰ ৰাজকুমাৰী শ্বেখা মাহৰা মহম্মদ ৰছিদ আল মাকতুমে (Princess Shaikha Mahra Mohammed Rashed Al Maktoum) মুকলি কৰিলে এটা সুগন্ধিৰ ব্ৰেণ্ড। তেওঁ এই খবৰ ছ’চিয়েল মেডিয়াৰযোগে ৰাজহুৱা কৰে। বিশেষকৈ এই ব্ৰেণ্ডৰ নামটোয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
বহু চৰ্চিত এই পাৰফিউম ব্ৰেণ্ডটোৰ নাম হৈছে ‘ডিভোৰ্চ’ (Divorce)। ৰাজকুমাৰগৰাকীয়ে তেওঁৰ ব্ৰেণ্ড মাহৰা এম১- ৰ অধীনত এই পাৰফিউমটো মুকলি কৰিছে। ডুবাইৰ শাসক মহম্মদ বিন ৰছিদ আল মাকতুমৰ ৩০ বছৰীয়া কন্যা শ্বেখা মাহৰাই তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত ‘ডিভোৰ্চ’ (Divorce) শব্দটো খোদিত এটা ক’লা পাৰফিউমৰ বটল প’ষ্ট কৰি এই খবৰ ৰাজহুৱা কৰিছে।
আনহাতে, শ্বেখ মাহৰাই ইনষ্টাগ্ৰামতে তেওঁৰ স্বামীক ৰাজহুৱাভাৱে বিবাহ বিচ্ছেদ দিয়াৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ সেই প’ষ্টটোত লেখিছিল, ‘Dear Husband , “As you are occupied with other companions, I hereby declare our divorce. I divorce you, I divorce you, and I divorce you. Take care. Your ex-wife.”
উল্লেখ্য যে, শ্বেখ মাহৰাই ২০২৩ চনৰ মেত শ্বেখ মানা বিন মহম্মদ বিন ৰছিদ বিন মানা আল মাকতুম নামৰ এজন ব্যৱসায়ীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁলোক দুয়োৰে এটি কন্যা সন্তানো আছে।
Discussion about this post