ইতিহাস সৃষ্টি কৰি টকিঅত বিজয়ধ্বজা উৰুৱালে আইৰণ মেন নীৰজ চোপ্ৰাই। জেভলিন থ্ৰৌত নীৰজে লাভ কৰিলে সোণৰ পদক। ঘূৰি অহাৰ পাছত গৰ্বিত ভাৰতীয়ই উষ্ম আদৰণি জনালে নীৰজক। প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কণকণ শিশুৰ মাজতো নীৰজ চোপ্ৰা হৈ পৰিল হিৰো। সেয়াই স্বাভাৱিক। কাৰণ নীৰজে অলিম্পিকত জয় কৰিছে গোল্ড। ভাৰতবাসীৰ আনন্দ-উল্লাসৰ সমান্তৰালকৈ জাৰ্মানীৰ এখন সৰু গাঁৱতো হৈছে উদযাপন। দক্ষিণ-পশ্চিম জাৰ্মানীত থকা গাঁওখনৰ নাম অবাৰ্ছক্লেটেনবাক। ১৩০টা পৰিয়াল থকা গাঁওখনত নীৰজৰ জয়ক লৈ আনন্দৰ লহৰ। এই গাঁওখনৰে বাসিন্দা নীৰজৰ এজন প্ৰশিক্ষক ডঃ ক্লজ বাৰটনিয়েটজ। অলিম্পিক শেষ হোৱাৰ পাছত ঘৰলৈ উভটিল নীৰজৰ ৭৩ বছৰীয়া প্ৰশিক্ষকগৰাকী। নিজৰ গাঁৱত ভৰি থৈয়ে অভিভূত হৈ পৰিল তেওঁ। কাৰণত তেওঁক আদৰণি জনাবলৈ ৰৈ আছিল তেওঁ ওচৰ-চুবুৰীয়া, শুভাকাংক্ষী। প্ৰায় এটা বৰ্ষৰ পাছত নিজ গৃহত উপস্থিত নীৰজৰ প্ৰশিক্ষক বাৰটনিয়েটজ।
নীৰজক ভাৰতবাসীয়ে যিদৰে আদৰিছে সেয়া দেখি অভিভূত হৈছো। মই জানো নীৰজৰ এই জয় ঐতিহাসিক জয়। ছচিয়েল মিডিয়াতে মই নীৰজক আদৰি লৈ যোৱাৰ ফটো-ভিডিঅ দেখা পাইছো। ইণ্ডিয়ান এক্সপ্ৰেছক এই কথা জনালে প্ৰশিক্ষকগৰাকীয়ে। নীৰজ এই সন্মানৰ যোগ্য। এই মন্তব্য ভাৰতৰ জেভলিনৰ মুখ্য প্ৰশিক্ষক উৱে হনৰ। জাৰ্মানীৰে বাসিন্দা ভাৰতৰ জেভলিনৰ মুখ্য প্ৰশিক্ষকগৰাকীও। ভাৰতৰ ক্ৰীয়াজগতত নীৰজৰ এই জয়ে ফলপ্ৰসূ প্ৰভাৱ পেলাব বুলি মন্তব্য প্ৰশিক্ষকগৰাকীৰ।
জেভলিনৰ ক্ষেত্ৰত নাম আছে জাৰ্মানীৰ। জাৰ্মানীৰে প্ৰশিক্ষকৰ সহায়ত নীৰজে লাভ কৰিলে সোণৰ পদক। নীৰজৰ এই জয়ৰ আঁৰত আছে আত্মবিশ্বাস। মন্তব্য প্ৰশিক্ষক ডঃ ক্লজ বাৰটনিয়েটজৰ
Discussion about this post