আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন (Joe Biden) আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনক (Jill Biden) ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা উপহাৰ প্ৰদান কৰে ।
এইবাৰ ভ্ৰমণকালত সমগ্ৰ ভাৰতবাসীৰ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ স্বৰূপে প্ৰদান কৰে হাতেৰে খোদিত ৯২.৫ শতাংশ ৰূপেৰে নিৰ্মিত এখন প্ৰাচীন ৰে’লৰ মডেল, যাৰ মূল দবাটোৰ কাষত ‘দিল্লী-ডেলাৱেৰ’ লিখা আছে ।
উল্লেখযোগ্য যে হাতেৰে খোদিত ৰূপৰ ভিনটেজ ৰেল মডেলটো এটা বিৰল আৰু অসাধাৰণ উপহাৰ আৰু ৰূপৰ কাৰুকাৰ্যৰ চহকী ঐতিহ্যৰ বাবে বিখ্যাত মহাৰাষ্ট্ৰৰ শিল্পীসকলে নিপুণভাৱে ইয়াক নিৰ্মাণ কৰিছে ।
লগতে ফাৰ্ষ্ট লেডী জিল বাইডেনক কাৰুকাৰ্য খচিত পেপিয়াৰ মেচে বক্সত এখন পশ্মিনা চাদৰ উপহাৰ দিয়ে । এক অতুলনীয় সৌন্দৰ্যৰ অতিকৈ মিহি আৰু কোমল সূতাৰে প্ৰস্তুত কৰা পশ্মিনা চাদৰ জম্মু-কাশ্মীৰৰ পৰা আহে । দক্ষ বস্ত্ৰশিল্পীসকলে পচম কাটি সূতাত পৰিণত কৰে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি এই চাদৰ নিৰ্মাণ কৰা হয় ।
Discussion about this post