আজি ৰাখী পূৰ্ণিমা। আজিৰ এই পবিত্ৰ দিনটোত আকাশত দৃশ্যমান হ’ব বিৰল ‘Blue Moon’
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই সদৰী কৰা মতে সোমবাৰৰ পৰা বুধবাৰলৈকে আকাশত দৃশ্যমান হ’ব ‘Blue Moon’ । উল্লেখযোগ্য যে পূৰ্ণিমাৰ দিনা পৃথিৱীৰ সম্ভৱপৰ আটাইতকৈ ওচৰলৈ অহাৰ সময়ত দেখা চন্দ্ৰ বা জোনবাইক ‘’Blue Moon’’ বুলি কোৱা হয়। এই ৩দিনত চন্দ্ৰটো আনবোৰ দিনতকৈ ৩০ শতাংশ অধিক উজ্জ্বল ৰূপত দেখা পোৱা যাব। ১৯ আগষ্ট সোমবাৰে নিশা ১১:৫৬ বজাত এই Supermoon দেখা পোৱাৰ সম্ভাৱনা আছে।
এই শব্দটো ১৯৮৯ চনত ৰিচাৰ্ছ ন’লে নামৰ জ্যোতিৰ্বিজ্ঞানীগৰাকীয়ে সৃষ্টি কৰিছিল Super Blue Moon ৰ।
সাধাৰণতে পূৰ্ণিমাত দেখাতকৈ Super Blue Moon ৩০ শতাংশ অধিক উজ্জ্বল, ১৪ শতাংশ ডাঙৰ হয়। ২০২৪ বৰ্ষত আকাশত আৰু ৩ টা Supermoon দৃশ্যমান হব। ১৭ ছেপ্তেম্বৰ, ১৭ অক্টোবৰ আৰু ১৫ নৱেম্বৰত আকাশত পৰৱৰ্তীকেইটা Blue Moon দেখা যাব।
১৭ ছেপ্তেম্বৰৰ Super Blue Moon ক হাৰ্ভেষ্ট মুন , ১৭ অক্টোবৰটোক হাৰ্ণ্টাছ মুন আৰু ১৫ নৱেম্বৰৰটোক বিভাৰমুন বোলা হয়।
নাছাৰ অৱসৰপ্ৰাপ্ত প্ৰগ্ৰেমৰ কাৰ্যবাহী গৰ্ডন জনষ্টনে কয় যে, যদিও ইয়াক নীলা চন্দ্ৰ বুলি কোৱা হয়, তথাপিও ইয়াৰ ৰঙৰ লগত কোনো সম্পৰ্ক নাই। ইংৰাজীত ‘Blue Moon’ৰ প্ৰথম লিপিবদ্ধ ব্যৱহাৰ হয় ১৫২৮ চনত।
Discussion about this post