এটি কলি দুটি পাত। প্ৰায় ২০০ বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ কেচাসোণৰ দেশ অসমৰ চাহ। অসমৰ এই ঐতিহ্যপূৰ্ণ চাহৰ সন্দৰ্ভত দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ বিজ্ঞানীসকলে “টি পাউদাৰ” প্ৰস্তুত প্ৰযুক্তি উদ্ভাৱন কৰি চাহ শিল্পৰ ক্ষেত্ৰত নতুনত্বপ্ৰয়াসী পৰিক্ৰমাৰ সংযোজন ঘটাইছে।
কেঁচা চাহপাতৰ পৰা এই নৱ উদ্ভাৱিত প্ৰযুক্তি কৌশলেৰে টি পাউদাৰ প্ৰস্তুত কৰি সেই পাউদাৰ আমাৰ খাদ্যাভ্যাসত ব্যৱহাৰ কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে। অসমৰ চাহ শিল্পৰ সম্ভাৱনীয়তাক লৈ বিভিন্ন চৰ্চা অব্যাহত থকা সময়তে উদ্ভাৱন কৰা এন্টিঅক্সিডেন্ট সমৃদ্ধ এই টি পাউদাৰে অসমৰ চাহ অৰ্থনীতিক নতুন ৰূপত উজ্জীৱিত কৰিব বুলি আশা কৰা হৈছে। বিশেষকৈ জৈৱিকভাৱে খেতি কৰি গুণাগুণ অনুসৰি দাম নোপোৱা আৰু পাতৰ চিজনত ফেক্টৰীয়ে পাত নোলোৱাত পাত নষ্ট কৰি পেলাই দিয়া আদি লোকচানৰ পৰা হাত সাৰিব পৰা যাব।
অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগী অধ্যাপিকা ড০ অদিতি স্মিথ গগৈৰ নেতৃত্বত অসম কৃষি বিশ্ববিদ্যালয়স্থ ভাৰত চৰকাৰৰ উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰৰ অৰ্থসাহায্যৰে কৰা প্ৰকল্পৰ অধীনত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। নিজস্ব সুগন্ধি আৰু সোৱাদৰ বাবে বিখ্যাত অসমৰ চাহৰ স্বকীয় গুণমান এই টি পাউদাৰত উপলব্ধ হ’ব। এই পাউদাৰ নিদিষ্ট পৰিমাণত ব্যৱহাৰ কৰি ব্ৰেড,কেক, বিস্কুট আদিৰ জৰিয়তে এন্টিঅক্সিডেন্ট পাব পৰা যাব বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে অসমে দেশৰ মুঠ চাহৰ ৫০ শতাংশ চাহ উৎপাদন কৰাৰ লগতে বিশ্বৰ ১১ শতাংশ চাহ উৎপাদনৰ গৌৰৱ অৰ্জন কৰিছে। বছৰি চাহৰ উৎপাদন বৃদ্ধি পাইছে যদিও চাহৰ লাভালাভ কমি আহিছে। বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অধিক দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এনে প্ৰেক্ষাপটত কম ব্যয়েৰে টি পাউদাৰ প্ৰস্তুত কৰা প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি অসমৰ সামগ্ৰিক চাহ অৰ্থনীতিৰ উন্নয়ন হ’ব বুলি আশা কৰা হৈছে।




























Discussion about this post