পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম গোলকীয় সন্মিলন আৰম্ভ…
বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় প্ৰথম গোলকীয় সন্মিলনখন আজি গুজৰাটৰ গান্ধীনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড° টেড্ৰোছ অধান’ম ঘেব্ৰেয়েছাছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাইৰ সৈতে শুভ উদ্বোধন কৰে। ৭৫খনতকৈও অধিক দেশৰ প্ৰতিনিধি আৰু কেইবাখনো দেশৰ স্বাস্থ্য মন্ত্ৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে।
ভাষণ প্ৰসংগত ড° টেড্ৰোছ অধান’ম ঘেব্ৰেয়েছাছে (প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক তুলসী ভাই নামেৰে বিভূষিত কৰিছিল ) পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতৰ যুগান্তকাৰী পদক্ষেপৰ প্ৰশংসা কৰে আৰু কয়, “আমি পৰম্পৰাগত, পৰিপূৰক আৰু সংহত ঔষধ প্ৰণালীৰ জৰিয়তে বিশ্ববাসীক স্বাস্থ্যবান কৰি তুলিব পাৰোঁ।”
বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানগৰাকীয়ে (তুলসী ভাই) উদ্বোধনী অধিৱেশনত লগতে কয়, “পৰম্পৰাগত ঔষধৰ ইতিহাস বহু পুৰণি। সম্প্ৰতি বিশ্বজুৰি ইয়াৰ প্ৰাসংগিকতা আৰু গ্ৰহণযোগ্যতা যথেষ্ট বৃদ্ধি পাইছে।”
ভাৰত চৰকাৰৰ আয়ুষ্মান ভাৰত উদ্যোগক ভূয়সী প্ৰশংসা কৰি তেওঁ দেশৰ সংহত চিকিৎসা ব্যৱস্থাৰো প্ৰশংসা কৰে। ড° টেড্ৰোছে গ্ৰাম্য অঞ্চলৰ প্ৰাথমিক স্বাস্থ্যসেৱাত আধুনিক চিকিৎসাৰ সমান্তৰালভাৱে পৰম্পৰাগত ঔষধৰ একত্ৰিকৰণৰ গুৰুত্বৰ কথাও উল্লেখ কৰে। কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় প্ৰথম গোলকীয় সন্মিলনৰ ফলাফলে ভৱিষ্যতে জি-২০ সভাপতিত্বৰ ভিতৰত পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰসাৰৰ অৰ্থে এক সমৰ্পিত মঞ্চৰ প্ৰস্তাৱ ফলপ্ৰসূ কৰাত সহায় কৰিব।”
Discussion about this post