নিৰবিচ্চিন্ন প্ৰয়াস আৰু একাগ্ৰতা থাকিলে অসাধ্যকো সাধন কৰিব পাৰি। তাকেই প্ৰমাণ কৰিলে ৪ বছৰীয়া জন্যনা অনুপাল শৰ্মা নামৰ চাৰি বছৰীয়া কণমানি শিশুটিয়ে। মাত্ৰ এক মিনিটৰ ভিতৰত ৭৭টা দেশী-বিদেশী পক্ষীৰ ইংৰাজী নামকৈ জন্যনাই “ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ ২০২১”ত (India Book of Records) নিজৰ নাম লিপিবদ্ধ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
মাত্ৰ চাৰি বছৰ ২মাহ ১৪ দিনত কণমানি জন্যনা এই গৌৰৱৰ অধিকাৰী হৈছে। জন্যনাৰ এই সাফল্যত উৎফুল্লিত পিতৃ অনুপল শৰ্মা আৰু মাতৃ পৰিস্মিতা কাশ্যপে জানিবলৈ দিয়া মতে- বিগত লকডাউনৰ সময়চোৱাত কেবল ফ্লেটৰ কোঠাতে আৱদ্ধ হৈ থাকিব লগীয়া হোৱাত তেওঁলোকে একমাত্ৰ জীয়াৰীক ফুল, চৰাই, ফল আদিৰ নাম শিকাইছিল।
কণমানি জন্যনাই উক্ত নাম সমূহ অতি ক্ষীপ্ৰতাৰে আয়ত্ত কৰাত উৎফুল্লিত হৈ তেওঁলোকে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (India Book of Records) ২১ অক্টোবৰ ২০২১ত বাণীবদ্ধ কৰায়। উল্লেখ্য কণমানি জন্যনা অনুপাল শৰ্মাৰ পিতৃ-মাতৃ নগাঁও (Nagaon) জিলাৰ আমোলাপট্টিৰ বাসিন্দা যদিও কৰ্মসূত্ৰে তেওঁলোক বৰ্তমান মহাৰাষ্ট্ৰৰ বাসিন্দা।
Photo & Input: ৱাহিদুদ জামান
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/a-women-head-swelled-up-after-hair-dye-use-blinded/5013/
Discussion about this post