ক’ভিড নীতি-নিয়মৰ মাজেৰে খানাপাৰাত দেওবাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ল ৭৫সংখ্যক স্বাধীনতা দিৱস ৷
স্বাধীনতা দিৱস সুকলমে পালনৰ বাবে খেলপথাৰখনত পূৰ্বৰ দৰে কৰা হৈছিল তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খানাপাৰাত উপস্থিত হৈ প্ৰায় এক ঘণ্টা ১০ মিনিটজোৰা ভাষণৰ অন্তত আৰম্ভ হ’ল পেৰেড৷
ক’ভিডৰ বাবে পূৰ্বতকৈ কম আছিল পেৰেড চাব অহা মানুহৰ ভিৰ ৷ অন্য লোকৰ দৰে পেৰেড চাব আহিছিল পশু চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অনিল ডেকাই ৷
কিন্তু পেৰেড চাবলৈ আহি তেওঁৰ সৈতে ঘটিল অথন্তৰ। পেৰেড চাই ঘৰলৈ উভতাৰ পথতে তেওঁ জানিব পাৰিলে যে তেওঁৰ মানী বেগ চুৰি হৈছে বুলি।
চুৰিকাণ্ডৰ পিছতে অধ্যাপকগৰাকীয়ে ঘটনা সন্দৰ্ভত অৱগত কৰে নিৰাপত্তাৰক্ষীক ৷ এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল যে নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা স্বাধীনতা দিৱসৰ পেৰেড গাউণ্ডৰ পৰাই কেনেদৰে মানী বেগ চুৰি হ’ল অনিল ডেকাৰ। এই ঘটনাটোক লৈ চাঞ্চল্যৰ সৃষ্টি।
Photo: Khatang Khobor





























Discussion about this post