Sonu Sood, IT Survey: আয়কৰ বিভাগে আজি বলীউড অভিনেতা ছনু ছুদৰ(Sonu Sood) ঘৰত ছাৰ্ভে কৰে। আয়কৰ বিভাগৰ দলটো পুৱা ছনু ছুদৰ বাসগৃহত উপস্থিত হৈছিল। সূত্ৰ অনুসৰি, IT বিভাগে ছনু ছুদৰ সৈতে সম্পৰ্কিত ছয়টা স্থানত ছাৰ্ভে কৰে। অৱশ্যে কোনো নথিপত্ৰ জব্দ কৰা হোৱা নাই।
উল্লেখ্য আয়কৰ আইন, ১৯৬১ৰ ধাৰা ১৩৩এ-ৰ অধীনত কৰা ছাৰ্ভে অভিযান’ত, আয়কৰ বিষয়াসকলে কেৱল বাণিজ্যিক চৌহদ আৰু ইয়াৰ সৈতে সম্পৰ্কিত চৌহদত পৰ্যবেক্ষণ কৰে। অৱশ্যে, বিষয়াসকলে নথি-পত্ৰবোৰ জব্দ কৰিব পাৰে।
ছনু ছুদে ক’ৰোনা যুগৰ আৰম্ভণিৰ পৰা মানুহক সহায় কৰাৰ বাবে যথেষ্ট বিখ্যাত হৈ পৰিছে। লকডাউনত মানুহক ঘৰলৈ পঠোৱা হওক বা কোনো ৰোগীক ঔষধ দিয়াই তেওঁলোকক সহায় কৰিছিল। ছনু ছুদৰ এই পদক্ষেপক যথেষ্ট প্ৰশংসা কৰা হৈ আছিল।
তেওঁ এগৰাকী মহিলাক ১২ ছেপ্টেম্বৰত সহায়ৰ বিষয়ে অৱগত কৰিছিল।
অৱশ্যে, তেওঁৰ সমালোচকসকলে সহায়ৰ বাবে পুঁজিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। শেহতীয়াকৈ ছনু ছুদক দিল্লীৰ কেজৰিৱাল চৰকাৰে এটা অভিলাষী আঁচনিৰ বাবে এম্বেছাডৰ হিচাপে নিযুক্ত কৰিছিল।
All her friends did the right thing,
Medicines have been sent and now she will be given proper care🙏@IlaajIndia@SoodFoundation 🇮🇳 https://t.co/blSltnf15U— sonu sood (@SonuSood) September 12, 2021
ছনু ছুদ সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয়। তেওঁ আয়কৰ বিভাগৰ ছাৰ্ভেক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
Photo: Google
Discussion about this post