আহিল নতুন SOP। কাইলৈৰ পৰা প্ৰযোজ্য হোৱাকৈ সান্ধ্য আইন (Night Curfew), স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰিলে সকলো। অমিক্ৰন সংক্ৰমণ ৰুধিবলৈ সকলো প্ৰকাৰে সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ। কলিয়াবৰ মহকুমাধি কাৰ্যালয়ৰ সভাগৃহত স্বাস্থ্য মন্ত্ৰীৰ (Keshab Mahanta) সংবাদমেল সম্বোধন।
কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ সান্ধ্য আইন (Night Curfew)। নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ থাকিব সান্ধ্য আইন। লগতে মাস্ক পৰিধানৰ ক্ষেত্ৰতো কঠোৰতা। এতিয়াৰ পৰা মাস্ক পৰিধান নকৰিলে জৰিমণা বিহা হ’ব।
কালিৰে পৰা সান্ধ্য আইন (Night Curfew) প্ৰযোজ্য হলেও ৩১ ডিচেম্বৰৰ নিশা সান্ধ্য আইনৰ নিয়ম প্ৰযোজ্য নহ’ব। এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
দেশৰ ১৭খন ৰাজ্যলৈ ইতিমধ্যে বিয়পি পৰিছে অমিক্ৰণ ভাইৰাছ। অসমত (Assam) এই পৰ্যন্ত অমিক্ৰণ সংক্ৰমণ হোৱা নাই। কাইলৈ পুৱাৰ পৰা নতুন SOP, হোটেল ধাবা সমূহ নিশা ১০.৩০ বজাৰ পাছত বন্ধ হ’ব। ৫০% দৰ্শকেৰে চিনেমা হল চলিব।
Photo: Google





























Discussion about this post