২১ জুলাইত উদযাপন কৰা হ’ব ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ। কেন্দ্ৰীয় হিলাল কমিটি, অসমে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।
প্ৰেছ বিজ্ঞপ্তিৰ অনুসৰি ভাৰতৰ আন ৰাজ্যৰ দৰে অসমতো ২১ জুলাইতে অনুষ্ঠিত হ’ব ঈদ। প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সকলোকে ঈদৰ শুভেচ্ছাও জনায়।
উল্লেখযোগ্য ক’ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিয়েই বিগত বৰ্ষৰ লগতে চলিত বৰ্ষৰ ৰমজানতো সামূহীয়া নামাজ অনুষ্ঠিত হোৱা নাছিল। গতিকে চলিত বৰ্ষৰ ঈদটো সামূহীয়া নামাজ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা কম।
Photo: Google





























Discussion about this post