অসমত (Assam) পুনৰ বৃদ্ধি ক’ভিড (Covid)। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোণা ভাইৰাছৰ (Corona Virus) সংক্ৰমণ। বিগত কিছুদিনৰ পৰা ৰাজ্যত ক’ভিডত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে স্বাস্থ্য বিভাগক।
স্বাস্থ্য বিভাগৰ (Health Department) তৰফৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি অসমত মঙলবাৰে ৪৭৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত (Covid Positive) হৈছে। ৪৭৫ গৰাকী লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৯০ গৰাকী লোক আক্ৰান্ত হৈছে। আনহাতে ইয়াৰ ফলত মৃত্যু হৈছে তিনিগৰাকী লোকৰ। পজিটিভিটি হাৰ হৈছে ১.২৯ শতাংশ আৰু আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।
Summary of 04/01/2022
Today’s Total 475
Overall Positivity Percentage (475 cases out of 36,781 test done = 1.29%)
Kamrup(M) 190
Death 3
Recovery Rate 98.54%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) January 4, 2022
উল্লেখ্য সোমবাৰে ৰাজ্যখনত ৩৫১ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছিল আৰু ইয়াৰে ১৬৪ গৰাকী আছিল কামৰূপ মহানগৰ (Kamrup Metro) জিলাৰ। আনহাতে দেওবাৰে ১৫৬ গৰাকী লোক আক্ৰান্ত হৈছিল। ইয়াৰে কামৰূপ মহানগৰ জিলাৰ আছিল ৭৮ গৰাকী। সেই দিনটোত কোনো এজন লোকৰে মৃত্যু হোৱা নাছিল।
Photo: Google
Discussion about this post