বৃহস্পতি আৰু শুকুৰবাৰে বন্ধ থাকিব বেংক। দুয়োটা দিনতে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে দেশজুৰি (Bank Strike) প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বেংকৰ কৰ্মচাৰীসকলে। ভাৰতীয় ষ্টেট বেংকৰ (SBI) তৰফৰ পৰা বাকী বেংকসমূহলৈ প্ৰতিবাদ প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনোৱা হৈছিল কিন্তু কৰ্মচাৰী ইউনিয়ন নিজৰ স্থিতিত অটল থাকি ধৰ্মঘট কৰিব বুলি জনায়। কৰ্মচৰীসকলে বেংক ব্যক্তিগতকৰণৰ (Privatization) বিৰোধিতাৰে প্ৰতিবাদত (Protest) বহিব।
ষ্টেট বেংক অব ইণ্ডিয়াই (State Bank of India) নিজৰ টুইটাৰ হেণ্ডলৰ জৰিয়তে নিজৰ কৰ্মচাৰীসকলক প্ৰতিবাদৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল। বেংকৰ ফালৰ পৰা কোৱা হৈছিল যে, কোৰোণা মহামাৰীৰ বাবে কৰ্মচাৰীৰ এই ষ্ট্ৰাইকে ষ্টোকহোল্ডাৰক বিপদত পেলাব। গতিকে কৰ্মচাৰীসকলে আলোচনাত ভাগ ল’ব লাগে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/son-injured-by-father-service-pistol-at-kaliabar-in-assam/5287/
Discussion about this post