৩১ অক্টোবৰত ৰাজ্যত (Assam) অনুষ্ঠিত হ’ব শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা চমুকৈ টেট পৰীক্ষা (Tet Exam)। এই বিশেষ নিৰ্দেশনাৱলী জাৰি কৰিছে টেট পৰীক্ষাৰ ন’ডেল বিষয়াই।
এই নিৰ্দেশনাৱলী অনুসৰি পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ্থীসকলক মাৰ্জিত পোছাক পৰিধান কৰি যাবলৈ অনুৰোধ কৰা হৈছে। ৩১ অক্টোবৰত ৰাজ্যৰ নিম্ন আৰু মধ্য প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে টেট পৰীক্ষা (Tet Exam) অনুষ্ঠিত হ’ব।
লগতে নিৰ্দেশনাৱলীত উল্লেখ কৰা হৈছে যে, পৰীক্ষাৰ্থীসকলক ৩০ মিনিটৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ কোৱাৰ লগতে পৰীক্ষা কেন্দ্ৰত ক’লা আৰু নীলা বল পইণ্ট কলমহে ব্যাৱহাৰ কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাৱলীত পৰীক্ষাৰ্থী সকলক মাস্ক (Mask) পৰিধান কৰি অহাৰ বাবেও নিৰ্দেশ প্ৰদান কৰা হৈছে।
Photo: Google




























Discussion about this post