গুৱাহাটীৰ দীঘলীপুখুৰীত বহু মাছৰ মৃত্যু। পানীত ওপঙি উঠিছে শ শ মৰা মাছ। মাছৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ লগতে মীন বিভাগৰ লোকো উপস্থিত হয়। মীন বিভাগৰ লোকে পানীৰ পৰীক্ষা চলাই এই কথা জনাই যে, পানীত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ লগতে পুখুৰীৰ আকাৰ অনুসৰি মাছৰ পৰিমাণ অধিক হোৱা বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে ৷
এই ঘটনাৰ পিছতে ততাতৈয়াকৈ SDRFৰ লোক উপস্থিত হৈ পানীত কৃত্ৰিমভাৱে বুৰবুৰণি সৃষ্টি কৰি অক্সিজেন বৃদ্ধিত সহায় কৰে। এই ব্যৱস্থা কৃত্ৰিম যদিও এনে ব্যৱস্থা দীৰ্ঘদিনৰ বাবে মাছৰ নিৰাপত্তাৰ বাবে যে কৰিব লাগিব যে সেয়া নিশ্চিত ৷
দীঘলীপুখুৰী প্ৰায় ৫০০ মিটাৰ দীঘল আৰু ৰাজ্যখনৰ সৰ্ববৃহৎ চহৰৰ আমবাৰী অঞ্চলত অৱস্থিত।
Photo: Khatang Khobor





























Discussion about this post