ধুবুৰীত (Dhubri) ভয়ংকৰ দুৰ্ঘটনা (Horrific Accident)। ৰে’লে মহটিয়াই নিয়ে এখন Alto বাহনক। শিলগুৰিৰ পৰা ডেম’ (DEMO) ট্ৰেইন বঙাইগাঁও (Bongaigaon) অভিমুখে আহি থকা অৱস্থাতে ধুবুৰীৰ জিলাৰ বেলতলা নামৰ ঠাইত এখন Alto বাহনৰ লগত সংঘৰ্ষ হয়। শিলিগুৰিৰ পৰা বঙাইগাঁও অভিমুখে আহি থকা অৱস্থাতে ধুবুৰী জিলাৰ বেলতলাত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰে’ল লাইন ক্ৰচিং কৰোতে ৰে’লখনৰ লগত সংঘৰ্ষ হয় Alto বাহন খনৰ। ৰে’ল গেট নাছিল ঠাইখনত।
বাহনখনত আছিল দুগৰাকীকৈ ব্যক্তি। তাৰে এজন দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতেই পলাই যায় আৰু চালক দিলোৱাৰ হুছেইন সংকটজনক অৱস্থাত গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰে। প্ৰায় তিনি ঘণ্টা জোৰা ৰে’ল বিভাগ, আৰক্ষী, প্ৰশাসন, স্থানীয় ৰাইজৰ যুদ্ধকালীন তৎপৰতাত জীৱন্ত অৱস্থাত উদ্ধাৰ হয় লোকজন। লোকজনক সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Photo & Input: Firoz Alom
আৰু পঢ়কঃ https://khatangkhobor.com/news/youth-attempt-to-suicide-from-saraighat-bridge-in-assam/6961/
Discussion about this post