কাজিৰঙাত (Kaziranga) ভয়াৱহ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত বায়ু সেনাৰ ফ্লাইট লেফ্টটেনেণ্ট জৰ্জ কুৰীয়াকৰ্জ্জ (Sukhoi Fighter Jet Pilot)। সুখই বিমানৰ পাইলটগৰাকীয়ে নিশা তেজপুৰৰ পৰা HP 38 G 0571 নম্বৰৰ MG Hector বাহন খনেৰে যোৰহাটলৈ নিজে চলাই গৈ থকা অৱস্থাত কাজিৰঙাৰ কঁহৰা আৰক্ষী চকীৰ অন্তৰ্গত বচাগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্রেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
ফলত থিতাতে নিহত হয় বায়ু সেনাৰ (Sukhoi Fighter Jet Pilot) বিষয়াগৰাকী। এই দুৰ্ঘটনাটোত ট্রেইলাৰখনৰ হেণ্ডিমেনজন গুৰুতৰভাৱে আহত (Injured One) হয়। ইতিমধ্যে নিহত বায়ু সেনা বিষয়াগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেইলাৰ ট্ৰাকখনো জব্দ কৰিছে।
Photo & Input: Khatang Khobor
Discussion about this post