চিলাপথাৰৰ (Silapathar) জলকীয়াসুঁতি (Jalakiasuti) ভঙাদলঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লয় দুজন লোকে (Two Person Died)। সংকটজনক অৱস্থাত ৩জনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।
চিলাপথাৰৰ জলকীয়াসুঁতিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। দুৰ্ঘটনাটোত থিতাতে নিহত দুজনকৈ লোক। অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) টুটিঙৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা জাইল’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই জলকীয়াসুঁতিত থকা ভঙাদলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো (Horrific Road Accident)।
দুৰ্ঘটনাটোত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী মহিলাসহ মুঠ ৫ গৰাকী লোক আঘাতপ্ৰাপ্ত (5 Person Injured) হয়। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। আন তিনিগৰাকী চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
গাড়ীখনৰ চালক আজা দলে আৰু যাত্ৰীকেইগৰাকী তাপা সিন্ধু, জাৰবী গামলিং, ৰশ্মি চৰেন, জুৰেল চৰেণ, কায়াং মে’দকে ধৰি মুঠ ৮ গৰাকী যাত্ৰী আছিল। আটাইকেইগৰাকী অৰুণাচল প্ৰদেশৰ ইংকঙৰ পৰা ইটানগৰ অভিমুখে আহি আছিল বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত লোক দুজনৰ পৰিচয়।
Photo & Input: ইছৰাকুল ইছলাম
Published By: Dulu Medhi
Discussion about this post