সৰভোগৰ (Sarbhog) কিচমৎ দ্বাৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। বৰপেটা জিলাৰ (Barpeta District) সৰভোগৰ কিচমৎ দ্বাৰিকাত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বাঁহ লোড কৰাৰ বাবে ৰৈ থকা ট্ৰাকত এ এছ ১৪ কে ৩ ৫৫১ নম্বৰৰ বাইকৰ খুন্দা (Truck And Bike Collision)।
ঘটনাস্থলীতে নিহত হয় দুই বাইক আৰোহী। নিহত বাইক আৰোহী অনচুমা ৰামচিয়াৰী (১৮) আৰু মোহা বৰো (১৮)। দুয়োৰে ঘৰ নলবাৰী জিলাৰ বেঞ্চিমাৰী জোপাগাঁৱত বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এন এল ০১ এ এ ৪১৪১ নম্বৰৰ ট্ৰাকৰ পলায়ন।
ৰাইজৰ অভিযোগ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মজুত ৰখা বাঁহ উঠাবলৈ ৰৈ আছিল ট্ৰাকখন। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এনেদৰে ট্ৰাক বাঁহ লোড কৰাৰ পথৰ কাষত ৰৈ থকাৰ বাবে এই স্থানত বহু দুৰ্ঘটনা সংঘটিত হৈছে। পালেংবাৰীৰ কৰিম নামৰ বাহৰ বেপাৰী এজনে প্ৰশাসনক মেনেজ কৰি ৰাষ্ট্ৰীয় ঘাইপথত দুই তিনি বছৰ ধৰি চলাই আছে এই বাঁহৰ ব্যৱসায়।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post