বুধবাৰে নিশা পুৰণি শৰাইঘাট দলঙত (Saraighat Bridge) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। নিশা প্ৰায় ৭ বজাত আমিনগাঁও-জালুকবাৰী অভিমুখী এখন চাউল কঢ়িয়াই অনা ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত দলঙত বাগৰি পৰে চাউলভৰ্তি ট্ৰাকখন। দুৰ্ঘটনাটোত সামান্য পৰিমাণে আহত (Driver Injured) হয় মন্তাজ আলী নামৰ ট্ৰাকখনৰ চালকজন।
ঘটনাস্থলীত জালুকবাৰী যান–বাহন আৰক্ষী (Jalukbari Traffic Police) উপস্থিত হৈ আহত চালকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ আয়ুৰ্বেদিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, দুৰ্ঘটনাটোৰ পাছতে পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত পুৰণি শৰাইঘাট দলঙত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। অৱশেষত জালুকবাৰী যানবাহন আৰক্ষীয়ে নতুন শৰাইঘাট দলঙেৰে গাড়ীসমূহ যাবলৈ দি যান-জঁট নিয়ন্ত্ৰণ কৰে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/when-luck-is-bad-then-anything-can-happen-watch-video/5741/
Discussion about this post