মৃত্যুদূতত পৰিণত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ। দৈনিক সংঘটিত হ’বলৈ ধৰিছে এটাৰ পিছত আনটো ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। সেই সময়তে আজি কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ নোনাপাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। থিতাতে নিহত (Spot Death One Person) হয় এজন লোক। গুৰুতৰভাৱে আহত (Two Injured) হয় দুজন।
প্ৰাপ্ত তথ্য অনুসৰি নলবাৰী দিশৰ পৰা অহা AS 01MC 9672 ব্ৰইলাৰ ভৰ্তি বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মাৰে নোনা নৈৰ ওপৰত থকা দলঙৰ ৰেলিঙত। ফলত মুহূৰ্ততে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে ব্ৰইলাৰ ভৰ্তি বাহনখন। পিছত ততাতয়াকৈ ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ বাহনখনৰ পৰা তিনিজনকৈ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এজনৰ ইতিমধ্যেই ঘটনাস্থলীতে মৃত্যু হয়। আহত দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আটাইকেইজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
Photo & Input: চফিকুল আহমেদ
Discussion about this post