ধিঙত (Dhing) ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। চিমেণ্ট ভৰ্তি ট্ৰাকে মহটিয়ালে বাইক আৰু স্কুটিক। কথমপি প্ৰাণ ৰক্ষা দুই বাইক-স্কুটি আৰোহীৰ। ট্ৰাকখনৰ দুয়োটা চকাৰ তলত স্কুটি আৰু বাইক। দৃশ্যটো দেখি আপোনাৰো বুকু কঁপি উঠিব। কিন্তু সৌভাগ্যবশত দুয়ো বাইক আৰোহীৰ প্ৰাণ ৰক্ষা পৰিল।
সোমবাৰে পুৱা AS02 H 0419 নম্বৰৰ চিমেণ্ট ভৰ্তি (Truck) ট্ৰাকখন নগাঁৱৰ পৰা ধিং অভিমূখে আহি ধিং বজাৰৰ এটা কেকুৰিত তীব্ৰ গতিৰে পাৰ হ’বলৈ লওঁতেই বিপৰীত মুখৰ পৰা আহি থকা এখন বাইক আৰু এখন স্কুটি মহটিয়াই লৈ যায়। বাইক আৰু স্কুটি চালক দুজনে জাঁপ মাৰি নিজৰ প্ৰাণ ৰক্ষা কৰে।
এই ভয়ংকৰ দুৰ্ঘটনাটোত বাইক আৰু স্কুটি দুয়োখনকেই ট্ৰাকে চেপি চেপেটা কৰি পেলায়। ঘটনাস্থলীত ধিং আৰক্ষী (Dhing Police) উপস্থিত হৈ ট্ৰাকখনৰ লগতে দুৰ্ঘটনাত পতিত বাইক আৰু স্কুটিখন ধিং থানালৈ লৈ যায়।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post