শিৱসাগৰ (Sivasagar District) জিলাৰ ডিমৌ (Demow) বামুণবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰিল এখন দ্ৰুতবেগী আল্ট্ৰা বাছ (Ultra Bus)। দুৰ্ঘটনাটোত ৪০ গৰাকী যাত্ৰী কম-বেছি পৰিমাণে আহত (40 Passengers Injured) হয়। ডিমৌ আৰক্ষী (Demow Police) থানাৰ অন্তৰ্গত বামুণবাৰী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খাৱৈত বাগৰি পৰে বাছখন।
পুৱা শিৱসাগৰৰ (Sivasagar) পৰা ডিব্ৰুগড় দিশে তীব্ৰ গতিত যাত্ৰা কৰা আল্ট্ৰা বাছখন (Ultra Bus) বামুণবাৰীৰ পথৰ পৰা পথৰ কাষত থকা এটা খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ফলত ৪০ গৰাকী লোক কম-বেছি পৰিমাণে আহত হয়।

আহত লোকসকলে নিজে নিজ তৎপৰতাত নিজৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনাস্থলী ত্যাগ কৰে। ইফালে বাছখনৰ চালকসহ হেণ্ডিমেন আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
Photo & Input: Khatang Khobor




























Discussion about this post