নাজিৰাৰ (Nazira) বালিঘাটৰ দিখৌ দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। মাৰুতি এছএক্স ৪ আৰু টাটা টিগৰ চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আহত (Injured) দুজনকৈ লোক ক্ৰমে মৰাণৰ পংকজ শইকীয়া আৰু দুলীয়াজানৰ ৰাণা চুতিয়া। গুৰুতৰভাৱে আহত মৰাণৰ পংকজ শইকীয়া।
দুৰ্ঘটনাত আহত দুয়োজনকৈ নাজিৰা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও জয়সাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় দুয়োজনকে ৷ মৰাণৰ (Moran) পংকজ শইকীয়া আছিল টাটা টিগৰ চালক আৰু দুলীয়াজানৰ (Duliajan) ৰাণা চুতীয়া আছিল মাৰুতি এছএক্স ৪ৰ চালক। দুৰ্ঘটনাত পতিত টাটা টিগৰ খনৰ নম্বৰ AS O4 T 2616 আৰু মাৰুতি এছএক্স ৪ খনৰ নম্বৰ AS23 G9549।
Photo & Input: দীপক ছেত্ৰী
Discussion about this post