এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। চলন্ত বাছৰ খুলি পৰা চকাৰ আঘাতত গুৰুতৰভাৱে আহত দুই কিশোৰ-কিশোৰী (Two Child Injured) । এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা সোনকোষৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত। জানিব পৰা অনুসৰি, বিলাসীপাৰাৰ পৰা ধুবুৰী অভিমুখী এএছ০১জে চি২৬১১ নম্বৰৰ ‘মা সনসা’ নামৰ চলন্ত যাত্ৰীবাহী আলট্ৰা বাছখনৰ চকা খুলি যায়।
তেনে সময়তে পথৰ কাষেৰে গৈ থকা জাহাংগীৰ আলম আৰু খাদীজা বেগম নামৰ দুই কিশোৰ-কিশোৰী চকাটোৰ প্ৰচণ্ড আঘাতত গুৰুতৰভাৱে আহত হয়। আহত দুয়োগৰাকীৰে ঘৰ সোনকোষৰ ঘোগাবালাপাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে। আহত দুয়োগৰাকীকে ততাতৈয়াকৈ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় যদিও অতি সংকটজনক অৱস্থাত কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post