ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা (Road Accident)। এইবাৰ স্থান লখিমপুৰ (Lakhimpur)। লখিমপুৰৰ হাৰমতিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত নিহত এজন যুৱক (One Youth Died)।
লখিমপুৰ জিলাৰ হাৰমতীত ট্ৰাক আৰু বাইকৰ খুন্দাত নিহত মটৰচাইকেল আৰোহী (Bike Rider Death)। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্ত বান্দৰদেৱাৰ সমীপৰ হাৰমতী চাহ-বাগিচাৰ সন্মুখত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা চিমেণ্ট ভৰ্তি ট্ৰাকত তীব্ৰ খুন্দা মৰাৰ ফলত থিতাতে নিহত মটৰচাইকেল আৰোহীজন ৷
বৃহস্পতিবাৰে নিশা প্ৰায় ১০:৩০ বজাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো (Tragic Accident) ৷ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা AS 22 C 2481 নম্বৰৰ ট্ৰাকখনত AR 06A 2364 নম্বৰৰ বাইকখনে তীব্ৰ বেগেৰে খুন্দা মৰাত থিতাতে মটৰচাইকেল আৰোহীজনৰ মৃত্যু হয় ৷ হাৰমতী আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মটৰচাইকেল আৰোহীজনক ট্ৰাকখনৰ তলৰ পৰা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে নিহত যুৱকজন অৰুণাচলী বুলি উল্লেখ কৰে ৷
Photo & Input: গিৰিশ বৰুৱা
Discussion about this post