নগাঁও (Nagaon) চহৰৰ মিছন মাৰ্কেটত আজি পুৱা এক পথ দুৰ্ঘটনা (Road Accident) সংঘটিত হয়। পথ দুৰ্ঘটনাটোৰ ফলত এগৰাকী স্কুটি আৰোহী গুৰুতৰভাবে আহত (Injured)। আহত স্কুটি আৰোহী জনৰ নাম ৰঞ্জন কোঁৱৰ। ৰঞ্জন কোঁৱৰ এগৰাকী গৃহৰক্ষী বাহিনী জোৱান বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে পুৱা প্ৰায় ১০ বজাত গৃহৰক্ষী জোৱান জনে স্কুটিৰে নতুন বজাৰ দিশৰ পৰা নগাঁও পুলিচ ৰিজাৰ্ভলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS02Q6221 নম্বৰৰ ৰিনল্ড কুইড গাড়ীখনে পচণ্ড গতিত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাৰ ফলত ৰঞ্জন কোঁৱৰ গুৰুতৰভাবে আহত হয়। পাছত স্থানীয় লোকৰ সহযোগত ৰঞ্জনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ভৰ্তি কৰা হয় যদিও বৰ্তমানলৈও তেওঁ সংকটজনক বুলি জানিব পৰা গৈছে।
Photo & Input: ৱাহিদুদ জামান
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/chanakya-niti-motivational-quotes-for-healthy-life/6783/
Discussion about this post