গুৱাহাটীৰ (Guwahati) মালিগাঁও (Maligaon) কামাখ্যা গেটত (Kamakhya Gate) ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। দুৰ্ঘটনাত নিহত (Died One) এজন লোক। নিহত লোকজন নুনমাটিৰ প্ৰশান্ত চাকচেনা বুলি জনা যায়। আৰু লগতে তিনিজন আহত। আহত কেইজন হ’ল জ্যোতিৰ্ময় কুমাৰ দাস, মুনমু তালুকদাৰ আৰু দীপাংকৰ দাস।
প্ৰেছ বুলি লিখা থকা এখন ৰঙা ৰঙৰ বিলাসী ফ’ৰ্ড এণ্ডেভাৰ টাইটেনিয়াম বাহনে তীব্ৰবেগেৰে আহি প্ৰথমে এখন এল্ট’ বাহনক খুন্দা মাৰে, তাৰ পিছত ৰখাই থোৱা এখন বুলেটক খুন্দা মৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত এল্ট’ বাহনখনত থকা তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আঘাতপ্ৰাপ্ত হোৱা লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হয়। পথ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে এএছ-০৬এছ-০১০১।
পথ দুৰ্ঘটনাটোৰ পাছতে কামাখ্যা গেটত যান-জঁটৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ দল উপস্থিত হয় দুৰ্ঘটনাগ্ৰস্ত বাহন কেইখন উদ্ধাৰ কৰাৰ লগতে যান-জঁট নিয়ন্ত্ৰণ কৰে।
পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বিলাসী বাহনখনৰ খুন্দাত এল্ট’ বাহনখন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয় আৰু বিলাসী বাহনখনো পথৰ ওপৰত বাগৰি পৰে।
Photo & Input: Ramesh baishya
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-2-person-died-at-sorbhog/7046/
Discussion about this post