নাৰায়ণপুৰৰ (Narayanpur) ধলপুৰত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। দেওবাৰে নিশা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী গাড়ীয়ে প্ৰায় ২০০ মিটাৰ চোঁচৰাই নিয়ে বাইক আৰোহীক।
নিশা ১০ বজাত সংঘটিত এই ঘটনাত থিতাতে নিহত (Died) হয় বাইক আৰোহীজন। শৰীৰৰ পৰা বহু দূৰত ছিটিকি যায় নিহত লোকজনৰ কটা মূৰ। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে AS 07 K 4166 নম্বৰৰ বাইকখন।
দুৰ্ঘটনা সংঘটিত কৰা বাহন খন ধৰিবলৈ সক্ষম হৈছে লখিমপুৰ লালুকত। জানিব পৰা মতে গাড়ীখনে বইলাৰ মুৰ্গী কঢ়িওৱা কামত নিয়োজিত আছিল। নিহত লোকজন হৈছে শিমলুগুৰি ৩নং নিমুৰিৰ গৌতম ফুকন।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post