ডিব্ৰুগড়ৰ (Dibrugarh) লেপেটকাটা চাহ বাগিচাত (Lepetkata Tea Estate) এক ভয়ংকৰ ঘটনা (Horrific Incident) সংঘটিত হৈছে। মইনা নায়ক (Moina Nayak) নামৰ এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে চাহ-পাত শুকোৱা CTC মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে সোমাই যায়। মেচিনত চুলি আৰু কাপোৰ সোমাই যোৱাত মূৰৰ ওপৰৰ অংশৰ লাওখোলা ওলাই যায় আৰু বর্তমান জীৱন-মৃত্যুৰে যুঁজ দি আছে চিকিৎসালয়ত।
বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ডিব্ৰুগড় লেপেটকটা চাহ-বাগিচাৰ (Lepetkata Tea Estate) মহিলা শ্ৰমিক গৰাকী গুৰুতৰভাবে (Critically Injured) আহত হৈ মৃত্যুৰে সৈতে যুঁজিব লগা হৈছে GMCHত। মঙলবাৰে বাগিচাখনৰ ফেক্টৰীত কাম কৰি থকা অৱস্থাতে ২৫ বছৰীয়া মইনা নায়ক CTC মেচিনত সোমাই মূৰৰ এটা অংশ সম্পূৰ্ণ নষ্ট হৈ যায়।
কিন্তু চাহ বাগিচাৰ আইন মতে কোনো মহিলা শ্ৰমিকে ফেক্টৰীৰ ভিতৰত অথবা CTC মেচিনৰ ওচৰত কাম কৰিব নোৱাৰে অথবা মহিলাক তেনে কামক নিয়োজিত কৰিব নোৱাৰে। এনে আইন থকাৰ পিছতো বাগিচা কৰ্তৃপক্ষই কেনেকৈ ফেক্টৰীৰ ভিতৰত এগৰাকী মহিলা শ্ৰমিকক কাম কৰিব পাৰিলে তাক লৈ এতিয়া প্ৰশ্ন উঠিছে।
ঘটনাটো সংঘটিত হোৱাৰ পিছত তেওঁক AMCH লৈ নিয়া হৈছিল যদিও আঘাট ইমানেই গুৰুতৰ আছিল যে তেওঁলোকে কোনো চিকিৎসা নকৰাকৈ GMCHলৈ প্ৰেৰণ কৰে।
আৰু GMCHত এতিয়া জীৱন-মৃত্যুৰে যুজি আছে। মূৰ,চকু, নাকত গুৰুতৰভাবে আঘাত পাইছে মইনা নায়কে। মইনা নায়কক GMCHত ভৰ্তি কৰোৱাৰ পিছত সকলো GMCH কৰ্তৃপক্ষই সকলো খৰচ নিজাকৈ বহণ কৰাৰ কথা ইতিমধ্যে জানিবলৈ দিছে।
ইপিনে চিকিৎসাৰ ক্ষেত্ৰত মাইনা নায়কক বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰ প্ৰশাসনে অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে। সম্প্ৰতি মাইনা নায়কৰ উন্নত চিকিৎসাৰ দাবীত সৰৱ হৈ উঠিছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী।
উল্লেখ্য যে, লাওখোলা এৰা যোৱাৰ ফলত গুৰুতৰভাৱে আহত মইনা নায়কক এখন সাধাৰণ এম্বুলেঞ্চেৰে জিএমচিএইচলৈ অনা কাৰ্যকো সহজভাৱে ল’ব পৰা নাই বহুতে। প্ৰশ্ন উঠিছে চাহ বাগানৰ কলঘৰত কাম কৰা শ্ৰমিক মইনা নায়কে জুবিনৰ দৰে কিয় উন্নত চিকিৎসা লাভ কৰা নাই?
Photo: Kamal Deka
Published BY: Dulu Medhi
Discussion about this post