ৰূপহীহাটৰ জৰথনী গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। স্বামীয়ে প্ৰাণ ল’লে পত্নীৰ। তিনি সন্তানৰ মাতৃ মুৰ্ছিদা খাতুনক পাথৰৰে প্ৰহাৰ কৰি হত্যা কৰে কুলাংগাৰ স্বামী ৰফিকুল ইছলামে।
মঙলবাৰে নিশা প্ৰায় ৩ বজাত পত্নীক হত্যা কৰি পলায়ন কৰে ৰফিকুলে। ৰফিকুল ইছলামৰ পূৰ্বৰ দুগৰাকী পত্নী থকাৰ পিছতো প্ৰায় ১০ বছৰ আগত বিয়া পাতিছিল ভুক্তভোগী মুৰ্ছিদা খাতুনক।
ওচৰ-চুবুৰীয়াৰ লোকে প্ৰত্যক্ষ কৰি ৰূপহীহাট আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
স্বামী ৰফিকুল ইছলাম ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
Photo & Input: আবু হানিফা
Discussion about this post